বোকাখাতৰ কুৰুৱাবাহী অঞ্চলৰ মধুপুৰত খুটিয়া পহু উদ্ধাৰ : কুকুৰৰ আক্ৰমনত জখম হোৱা পহুটো বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ :

Aiidesh News :  11 March - 2024  :

বোকাখাত উপ জিলাৰ কুৰুৱাবাহী মধুপুৰ গাঁৱত আজি পুৱা এটা খুটিয়া পহু বা হগ ডিয়েৰ উদ্ধাৰ হয় । মধুপুৰ গাওঁৰ গাঁওৰক্ষী বাহিনীয়ে ৰাইজৰ সহযোগত পহুটো উদ্ধাৰ কৰি নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ হাতত অৰ্পণ কৰে ৷ জানিব পৰা মতে আজি পুৱাতে গাঁওখনত পহুটো দেখা পাই স্থানীয় লোকে গাঁওৰক্ষী বাহনীক খবৰ দিয়ে । গাঁওৰক্ষী বাহিনীৰ লোকে ৰাইজৰ সহযোগত পহুটো কৰায়ত্ব কৰি বোকাখাত আৰক্ষীক অৱগত কৰাৰ পিচত নুমলীগড় খণ্ড বন কাৰ্যালয়ক অৰ্পণ কৰে ৷ নুমলীগড়ৰ বনকৰ্মীয়ে আহত পহুটোক বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে কুকুৰৰ আক্ৰমনত গুৰুত্বৰ ভাৱে জখম হোৱা পহুটোক সম্প্ৰতি কেন্দ্ৰটোত চিকিৎসা প্ৰদান কৰা হৈছে ৷ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা৹ ভাস্কৰ চৌধুৰীয়ে জনোৱা মতে কুকুৰে পহুটোৰ পিচফালৰ সোঁ ভৰিত কামুৰি জখম কৰাৰ পিচত প্ৰচুৰ ৰক্ত ক্ষয় হোৱাৰ বাবে সম্প্ৰতি চিকিৎসা প্ৰদান কৰি পৰ্যবেক্ষণত ৰখা হৈছে ৷ ইফালে ১০ মাৰ্চত মাজুলীৰ কাষৰীয় আৰু দেৰগাওঁ খণ্ড বন কাৰ্যালয় এলেকাৰ পৰা উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ অনা আন এটা খুটিয়া পহু চিকিৎসাৰ পিচত আজি মুকলি কৰি দিয়া হয় বুলিও ডা৹ ভাস্কৰ চৌধুৰীয়ে জানিবলৈ দিয়ে  ৷

*********