যোৰহাটত বিশিষ্ট লেখিকা স্বপ্না বৰঠাকুৰৰ তিনিখন গ্ৰন্থ উন্মোচন ।

যোৰহাটত বিশিষ্ট লেখিকা স্বপ্না বৰঠাকুৰৰ তিনিখন  গ্ৰন্থ উন্মোচন ।
যোৰহাটত বিশিষ্ট লেখিকা স্বপ্না বৰঠাকুৰৰ তিনিখন  গ্ৰন্থ উন্মোচন ।
যোৰহাটত বিশিষ্ট লেখিকা স্বপ্না বৰঠাকুৰৰ তিনিখন  গ্ৰন্থ উন্মোচন ।

যোৰহাট জিলা অসমীয়া সাহিত্য সন্মিলনীৰ উদ্যোগত বিশিষ্ট লেখিকা  সভাপতি স্বপ্না বৰঠাকুৰৰ তিনিখনকৈ  গ্ৰন্থ আজি উন্মোচন কৰা হয়। যোৰহাট জিলা সন্মিলনীৰ প্ৰাক্তন সম্পাদক বৰ্তমানৰ উপদেষ্টা তুফেল জিলানীয়ে সঞ্চালনা কৰা সভাখনত যোৰহাট জিলা সন্মিলনীৰ সভাপতি স্বপ্না বৰঠাকুৰৰ ইংৰাজী কাব্যগ্ৰন্থ "Flavours of Life" উন্মোচন কৰে যোৰহাট কলেজৰ অধ্যক্ষ, বিশিষ্ট লেখক ড0 দেৱব্ৰত শৰ্মাই, অসমীয়া কাব্য সংকলন "ৰ'দে-ঘামে প্ৰভাতী উশাহ" উন্মোচন কৰে সন্মিলনীৰ ৰাজ্যিক সভাপতি, বিশিষ্ট লেখক ড0 সাগৰ বৰুৱাই আৰু বাংলা কাব্য সংকলন "ভালবাসার রং" উন্মোচন কৰে বিশিষ্টা লেখিকা দীপিকা বৰুৱাই। কাকজান আঞ্চলিক সন্মিলনীৰ সম্পাদক মানৱজ্যোতি বৰদলৈয়ে আঁত ধৰা সভাখনত বিশিষ্ট সাহিত্যিক দুলাল গোস্বামীয়ে মংগলাচৰণ, ৰুণু গোস্বামীয়ে বৰগীত, গৌৰী শংকৰ বৰাৰ ভূপেন্দ্ৰ সংগীত, মীনাক্ষি শইকীয়া বৰাৰ কবিতা আবৃত্তি, স্নেহা ভৰদ্বাজৰ জ্যোতি সংগীত, সন্দীপন ভৰদ্বাজৰ জ্যোতি কবিতা  আবৃত্তি, অনামিকা শৰ্মাই পৰিৱেশন কৰা ভূপেন্দ্ৰ সংগীতে গ্ৰন্থ উন্মোচনী সভাখনি জীপাল কৰি তোলে। সহ: সম্পাদিকা মঞ্জু বৰঠাকুৰ ভট্টই  উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত সন্মিলনীৰ ৰাজ্যিক উপসভাপতি ৰাজেন পূজাৰী, বিশিষ্টা লেখিকা পূৰ্ণিমা শৰ্মা, নীলিমা শৰ্মাই বিশিষ্ট অতিথিৰ আসনৰ পৰা বক্তব্য প্ৰদান কৰে। অৰ্ধ শতাধিক লোক উপস্থিত থকা সভাখনিত প্ৰতাপ বৰুৱা, বন্তি মহন্ত, জেছমিন এছ. চুলতানা, জ্বলি বেগম, পূৰ্ণিমা দেৱী বৰদলৈ আদি বহু গণ্য-মান্য লেখক-লেখিকা উপস্থিত আছিল। সভাখনিত শলাগৰ শৰাই আগবঢ়ায় বিশিষ্ট সাংবাদিক ৰমেন শইকীয়াই।

 

যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট