দেশত কৰোণাৰ সর্বোচ্চ জাপ! যোৱা ২৪ ঘণ্টাত মৃত ৭৪, আক্রান্ত ৩৫০০০
                            দেশত এদিনত সর্বাধিক বৃদ্ধি ঘটিল কৰোণাৰ আক্রান্ত আৰু মৃতকৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত COVID-19-ত আক্রান্ত হোৱা পুনৰ ৭৩ জনৰ মৃত্যু হৈছে। ইয়াৰফলত মৃতকৰ সংখ্যা বৃদ্ধি ঘটিল ১১৪৭ জনলৈ। আজি পুৱা কেন্দ্রীয় স্বাস্থ্যমন্ত্রালয়ৰ মেডিকেল পত্ৰিকাত জনোৱা হৈছে যোৱা ২৪ ঘণ্টাত দেশত কৰোণাৰ পুনৰ আক্রান্ত হৈছে ১,৯৯৩ জন। সমগ্ৰ দেশত আক্রান্তৰ সংখ্যা বৃদ্ধি ঘটিছে ৩৫,০৪৩ জনলৈ। কৰোণা পৰা সুস্থ হোৱাৰ সংখ্যা এতিয়ালৈকে ২৫.৩৬ শতাংশ। কৰোণাক পৰাজিত কৰি ঘৰলৈ উভতি গৈছে ৮,৮৮৯ জন।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
