বিশিষ্ট কবি দিলীপ ফুকনলৈ ২০২২ বৰ্ষৰ ড৹ ধ্ৰুবজ্যেতি বৰা সাহিত্য পুৰস্কাৰ : ২৫ ফ্ৰেব্ৰুৱাৰীত প্ৰদান কৰা হয় এই বঁটা :

বিশিষ্ট কবি দিলীপ ফুকনলৈ ২০২২ বৰ্ষৰ ড৹ ধ্ৰুবজ্যেতি বৰা সাহিত্য পুৰস্কাৰ  : ২৫ ফ্ৰেব্ৰুৱাৰীত প্ৰদান কৰা হয় এই বঁটা  :
Aiidesh Photo

Aiidesh News  : 26 February 2024 :

সত্তৰ দশকৰ পৰা লোকজীৱনৰ লগত সংপৃক্ত হৈ কাব্যচৰ্চা অব্যাহত ৰখা বোকাখাতৰ বিশিষ্ট কবি-ঔপন্যাসিক দিলীপ ফুকনলৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ ড৹ ধ্ৰুবজ্যেতি বৰা সাহিত্য পুৰস্কাৰ । দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ এলামনাই হলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নৰ্থ ইষ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত দিলীপ ফুকনক এই পুৰস্কাৰ প্ৰদান কৰা হয় ।

অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড৹ ধ্ৰুবজ্যেতি বৰা, সমালোচক অৰিন্দম বৰকটকী, কবি আনিছ উছ জামান, বিশিষ্ট সাংবাদিক নিত্য বৰাকে আদি কৰি ভালেসংখ্যক সাহিত্য অনুৰাগী উপস্থিত থাকে ৷ অনুষ্ঠানটোত কবি দিলীপ ফুকনৰ কবিতাৰ ওপৰত এক মননশীল আলোচনা আগবঢ়াই জ্যোতি খাটনীয়াৰে । আলোচনা প্ৰসংগত জ্যোতি খাটনীয়াৰে কয়, জনজীৱনৰ পৰা কেতিয়াও আঁতৰি নাথাকি কাব্যচৰ্চা কৰি থকাৰ বাবেই দিলীপ ফুকনৰ কবিতা এতিয়াও মানুহৰ কবিতা হৈ আছে । লোকজীৱনৰ অকৃত্ৰিম মাত-কথাই কবি দিলীপ ফুকনৰ কবিতাৰ প্ৰধান উপজীব্য ৷ লোকজীৱনৰ পৰা আঁতৰি থকা হ'লে কবি গৰাকীয়ে ইমানদিন কবিতা লিখি থাকিব নোৱাৰিলেহেতেন বুলিও তেওঁ মন্তব্য কৰে ।

অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি সূৰ্য্য হাজৰিকাই কবি দিলীপ ফুকনক ড৹ ধ্ৰুবজ্যেতি বৰা সাহিত্য পুৰস্কাৰ ২০২২ প্ৰদান কৰে ৷ পুৰস্কাৰৰ লগত এটি স্মাৰক, সম্বৰ্দ্ধনা পত্ৰ, চেলেং চাদৰ আৰু নগদ পঞ্চাছ হাজাৰ টকা কবি গৰাকীক প্ৰদান কৰা হয় । উল্লেখযোগ্য যে একেটা অনুষ্ঠানতে গল্পকাৰ অনামিকা বৰালৈও ২০২৩ চনৰ বাবে ড৹ ধ্ৰুবজ্যেতি বৰা সাহিত্য পুৰস্কাৰ আগবঢ়োৱা হয় । অনুষ্ঠানত গল্পকাৰ অনামিকা বৰাৰ গ'ল্পৰ ওপৰত সমালোচক অৰিন্দম বৰকটকীয় এক বস্তুনিষ্ঠ আলোচনা আগবঢ়াই ৷

**********