Dummy Post নিজ নিজ কাৰ্যালয়লৈ যাৱ লাগিব মন্ত্ৰী
                        ল’ক ডাউন কিছু শিথিল কৰাৰ  ইংগিত দি প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে সোমবাৰৰ পৰা সকলো কেন্দ্ৰীয় মন্ত্ৰীক মন্ত্ৰণালয়লৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে দেশত ঘোষণা কৰা তলাবন্ধৰ সময় উকলিবলৈ তিনি দিন বাকী থাকোতেই কেন্দ্ৰীয় মন্ত্ৰী সকলক সোমবাৰৰ পৰা মন্ত্ৰণালয়লৈ গৈ নিজ দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ দিছে। তলাবন্ধ আৰম্ভ হোৱাৰ পৰা প্ৰধানমন্ত্ৰীকে ধৰি সকলো কেন্দ্ৰীয় মন্ত্ৰীয়ে ঘৰৰ পৰা কাম কাজ পৰিচালনা কৰি আছিল।
সেইদৰে  জেষ্ঠ বিষয়া সকলক বাদ দি আন দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক ‘rotation’ ব্যৱস্থাৰে মন্ত্ৰীৰ কাৰ্যালয়লৈ আহিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। কিন্তু তাৰ মাজতো সকলোৱে সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক ।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
