৭০ বছৰৰ পিচত ভাৰতত চিতাবাঘ পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টা : মধ্যপ্ৰদেশৰ কোন' ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ ৮ চিতাবাঘৰ পুনৰ সংস্থাপন :

৭০ বছৰৰ পিচত ভাৰতত চিতাবাঘ পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টা : মধ্যপ্ৰদেশৰ কোন' ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ ৮ চিতাবাঘৰ পুনৰ সংস্থাপন  :
৭০ বছৰৰ পিচত ভাৰতত চিতাবাঘ পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টা : মধ্যপ্ৰদেশৰ কোন' ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ ৮ চিতাবাঘৰ পুনৰ সংস্থাপন  :

 ভাৰতলৈ ওভতি আহিছে চিতাবাঘমধ্যপ্ৰদেশৰ কোন' ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ চিতাবাঘৰ পুনৰ সংস্থাপন  : 

Aiidesh News : 21 th September :

৭০ বছৰৰ পিচত ভাৰতলৈ ওভতি আহিছে চিতা বাঘ ৷ ভাৰতত পোৱা মেকুৰী প্ৰজাতিৰ ৬ টা প্ৰজাতিৰ অন্যতম এই চিতা বাঘ ১৯৫২ চনতেই ভাৰতৰ অৰণ্যৰ পৰা বিলুপ্ত হৈ পৰিছিল ৷ বিনোদনৰ বাবে ৰজা মহাৰজাই কৰা চিকাৰী আৰু পৰৱৰ্তী সময়ত বিটিছ শাসকে কৰা চিকাৰৰ উপৰিও আৱাসৰ সংকোচন আৰু খাদ্যৰ অঙাৱৰ বাবেই ভাৰতৰ পৰা বিলুপ্ত হৈছিল চিতা বাঘ ৷

ভাৰতৰ অৰণ্যত চিতাবাঘ পুনৰ সংস্থাপনৰ বাবে ২০০৯ চনৰ পৰা চলোৱা প্ৰচেষ্টাৰ অন্তত ১৭ চেপ্তেম্বৰত নামিবিয়াৰ পৰা ভাৰতলৈ পুনৰ সংস্থাপনৰ বাবে ৫ জনী মাইকী আৰু ৩ টা মতা চিতাবাঘ অনা হয় ৷ ২০০৯ চনত তেতিয়াৰ কেন্দ্ৰীয় বনমন্ত্ৰী জয়ৰাম ৰমেশৰ নেতৃত্বত এই অভিলাষী আঁচনি হাতত লোৱা হৈছিল যদিও ভাৰতৰ উচ্চতম ন্যায়লয়ে ইয়াৰ বাবে অনুমতি প্ৰদান কৰা নাছিল ৷ ২০১৭ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতত চিতাবাঘ পুনৰ সংস্থাপনৰ বাবে পুনৰ প্ৰচেষ্টা আৰম্ভ কৰা হয় ৷ উচ্চতম ন্যায়লয়ে সম্পুৰ্ণ পৰীক্ষামুলকভাৱে এই আঁচনি ৰূপায়নৰ বাবে ২০২০ চনত অনুমতি প্ৰদান কৰে ৷

নামিবিয়াৰ কুটাক' আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা এখন বিশেষ ভাৱে প্ৰস্তুত কৰি লোৱা যাত্ৰীবাহী বি-৭৪৭ জম্বু বিমানেৰে এই ৮ চিতাবাঘক মধ্যপ্ৰদেশৰ গোৱালিয়ৰ বিমান বন্দৰলৈ নিয়া হয় ৷ ইয়াৰ বাবে সময় লাগে ১০ ঘন্টা ৷ গোৱালিয়ৰ পৰা বায়ু সেনাৰ হেলিকপ্তাৰেৰে চিতাবাঘ ৮ টাক কোন' ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হয় ৷ এই আঠোটা চিতাবাঘৰ বয়স ৪ ৰ পৰা ৬ বছৰৰ ভিতৰত ৷ কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহাৰ্য্যৰে এই ৮ টা চিতাবাঘ মধ্যপ্ৰদেশৰ কোন' ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হয় ৷ ১৭ চেপ্তেম্বৰত নামিবিয়াৰ পৰা কোন' ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হোৱা এই ৮ টা চিতাবাঘৰ পুনৰ সংস্থাপনৰ কাৰ্য উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ উল্লেখ্য যে সম্প্ৰতি কোন' ৰাষ্ট্ৰীয় উদ্যানৰ ৩৪৪ বৰ্গ মিটাৰৰ এটা বোমাত নামিবিয়াৰ পৰা অনা এই চিতাবাঘ কেইটাক পৰ্যবেক্ষণৰ বাবে ৰখা হৈছে ৷ এমাহ জোৰা পৰ্যবেক্ষণৰ শেষত এই চিতাবাঘ কেইটাক কোন' ৰাষ্ট্ৰীয় উদ্যানৰ বুকুত মুকলি কৰি দিয়া হ'ব ৷

ভাৰতত পোৱা মেকুৰী প্ৰজাতিৰ ৬ টা বাঘৰ প্ৰজাতি হ'ল ঢেকীয়াপতীয়া বাঘ  (Panthera tigris tigris), এচীয়া প্ৰজাতিৰ সিংহ  (Panthera leo leo), ভাৰতীয় নাহৰফুটুকী বাঘ (Panthera pardus fusca), তুষাৰফুটুকী (Panthera uncia)  গোধা নাহৰফুটুকী (Neofelis nebulosa) আৰু  চিতাবাঘ (Acinonyx jubatus) ৷ 

৭০ বছৰৰ পিচত ভাৰতৰ অৰণ্যত চিতাবাঘৰ পুনৰসংস্থাপনৰ এই পৰিঘটনা বিশ্বৰ ভিতৰতে প্ৰথম আৰু অন্যতম বুলি বিবেচিত হৈছে ৷ কোন' ৰাষ্ট্ৰীয় উদ্যানত চিতাবাঘ পুনৰ সংস্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোন' ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ কৰা চিতাবাঘ চাবৰ বাবে কেইমাহ মান ধৰ্য্য ধৰিবৰ বাবে দেশবাসীক আহ্বান জনাইছে ৷ এই ৮ বাঘ আলহিহে, ভাৰতৰ অৰণ্যৰ সৈতে অচিনাকী বুলি  মন্তব্য কৰি তেওঁ কয় যে কোন' ৰাষ্ট্ৰীয় উদ্যানক নিজৰ ঘৰ কৰি ল'বলৈ   চিতাবাঘ কেইটাক কিছু সময়ৰ প্ৰয়োজন হ'ব ৷ আন্ত: ৰাষ্ট্ৰীয় গাইড লাইনেৰে ভাৰতে এই চিতাবাঘ কেইটাৰ ভাৰতত স্থায়ী বসতি বিচাৰি লোৱাত সহায় কৰিব ৷ আমি আমাৰ প্ৰচেষ্টা বিফলে যাবলৈ নিদিও  ৷৷

********