বিশ্ব বাঘ দিৱসৰ দিনা ভাৰতৰ ঘোষণা : বিগত চাৰিটা বৰ্ষত দেশত ৭১৫ টা ঢেকীয়াপতীয়া বাঘ বৃদ্ধি : বিগত চাৰিটা বৰ্ষত কাজিৰঙাতো বৃদ্ধি ১৬ টা ঢেকীয়াপতীয়া বাঘ :

বিশ্ব বাঘ দিৱসৰ দিনা ভাৰতৰ ঘোষণা : বিগত চাৰিটা বৰ্ষত দেশত ৭১৫ টা ঢেকীয়াপতীয়া বাঘ বৃদ্ধি  : বিগত চাৰিটা বৰ্ষত কাজিৰঙাতো বৃদ্ধি ১৬ টা ঢেকীয়াপতীয়া বাঘ  :
Aiidesh Photo

Aiidesh News : 30 July 2023  :

ভাৰতৰ বনাঞ্চলত বিশ্বৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশ বাঘ পোৱা যায় ৷ এইয়া ভাৰতবৰ্ষৰ সুস্থ জৈৱতন্ত্ৰৰ পৰিচায়ক ৷ বিশ্বত বাঘৰ প্ৰজাতিক সংৰক্ষণৰ বাবে ২০১০ চনত ৰাচিয়াৰ চেন্ট পিটাৰ্চ বাৰ্গৰ অধিবেশনৰ পিচৰে পৰাই বিশ্বৰ সমুহ সদস্য ৰাষ্ট্ৰই লোৱা পদক্ষেপৰ লগতে ভাৰততো  ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণে দেশ জুৰি লোৱা বিভিন্ন আঁচনিয়ে ভাৰততো ঢেকীয়াপতীয়া বাঘ আৰু মেকুৰী প্ৰজাতিৰ প্ৰাণী সংৰক্ষণত ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে ৷

২৯ জুলাইত বিশ্বৰ বিভিন্ন দেশৰ লগতে ঢেকীয়াপতীয়া বাঘৰ গুৰুত্বপুৰ্ণ আৱাস ভাৰততো বিশ্ব ব্যাঘ্ৰ দিৱস উদযাপন কৰা হয় ৷ উত্তৰাখণ্ডৰ কৰবেট ৰাষ্ট্ৰীয় উদ্যানত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে দেশখনৰ ঢেকীয়াপতীয়া বাঘৰ জনসংখাৰ সাম্প্ৰতিক স্থিতিৰ এক প্ৰতিবেদন প্ৰকাশ কৰে ৷ এই প্ৰতিবেদন মতে দেশৰ বিভিন্ন বনাঞ্চল সামৰি ভাৰতত সম্প্ৰতি ৩১৬৭ ৰ পৰা ৩৯২৫ টা বাঘৰ পৰিসংখ্যাৰ ভিতৰত ৩৬৮২ টা বাঘ আছে ৷ ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ এই প্ৰতিবেদনে ভাৰতত ২০০৬ বৰ্ষত ১৪১১ টা,  ২০১০ বৰ্ষত ১৭০৬ টা, ২০১৪ বৰ্ষত ২২২৬ টা, ২০১৮ বৰ্ষত ২৯৬৭ টা আৰু ২০২২ চনত ৩৬৮২ টা ঢেকীয়াপতীয়া বাঘ আছে বুলি প্ৰকাশ কৰিছে ৷

কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰতিবেদনত প্ৰকাশিত তথ্য মতে ভাৰতৰ থকা এই পৰিসংখ্যাৰ অসমত মুঠ ২২৭ টা ঢেকীয়াপতীয়া বাঘ আছে ৷ ইয়াৰে ১৩৬ টা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, ৫৯ টা মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰু ২৬ টা ঢেকীয়াপতীয়া বাঘ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আছে ৷ এই পৰিসংখ্যা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত চাৰিটা বৰ্ষত ১৬ টা ঢেকীয়াপতীয়া বাঘ বৃদ্ধি পাইছে ৷ ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য মতে অসমত ২০০৬ চনত ঢেকীয়া পতীয়া বাঘৰ সংখ্যা ৭০ টা আছিল ৷ পৰৱৰ্তী সময়ত ২০১০ টনত ১৪৩ টা, ২০১৪ চনত  ১৬৭ টা, ২০১৮ চনত ১৯০ টাৰ পৰা ২০২২ চনত ২২৭ টালৈ বৃদ্ধি পাইছে ৷ অৰ্থাৎ বিগত চাৰিটা বৰ্ষত ব্ৰহ্মপুত্ৰ উপত্যকাত ঢেকীয়াপতীয়া বাঘৰ সংখ্যা ৩৭ টা বৃদ্ধি পাইছে ৷

*********