বোকাখাতৰ যুগলআটিত কিশোৰীক ধৰ্ষণ কৰি হত্যা : তিনিদিনৰ পাচত যুৱতীৰ মৃতদেহ উদ্ধাৰ : এজনক আটক :

বোকাখাতৰ যুগলআটিত কিশোৰীক ধৰ্ষণ কৰি হত্যা : তিনিদিনৰ পাচত যুৱতীৰ মৃতদেহ উদ্ধাৰ : এজনক আটক  :
Aiidesh Photo

Aiidesh News  : 16 October 2023  :

বোকাখাত থানাৰ অন্তৰ্গত যুগলআটি গাঁৱত কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ এক নৃশংস ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বোকাখাতত । যুগলআটি গাওঁত এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰে ৫০ ঊৰ্ধ্বৰ এজন ব্যক্তিয়ে । ইতিমধ্যে হত্যাকাৰী খগেন মুণ্ডা ওৰফে প্ৰিতম মুণ্ডা নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে বোকাখাত আৰক্ষীয়ে । প্ৰাপ্ত তথ্য মতে যোৱা বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰীগৰাকী । এই সন্দৰ্ভত ১৪ অক্টোবৰত বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে নিৰুদ্দিষ্ট কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে । ইয়াৰ পাচতে ঘাটক খগেন মুণ্ডাক আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীৰ জেৰাত খগেন মুণ্ডাই স্বীকাৰ কৰে কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা । বোকাখাতৰ আৰক্ষীয়ে হত্যাকাৰী খগেন মুণ্ডাৰ স্বীকাৰোক্তিৰ ভিত্তিত ১৫ অক্টোবৰৰ নিশা বোকাখাতৰ কুৰুৱাবাহীৰ চহলা অঞ্চলৰ দুর্গম এলেকাৰ পৰা কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই জঘন্য ঘটনাই সমগ্ৰ বোকাখাততে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

********