ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ-কোৰোণাৰ বিৰুদ্ধে যুঁজত বিধি পথালি দিলে বিপদ হব
                        এতিয়াৰে পৰা কোৰোণা ভাইৰাছকলৈ ল’ৰা ধেমালি  কৰা লোকৰ বিৰুদ্ধে মেঘালয়ত লোৱা হ’ব কঠোৰ ব্যৱস্থা। সেইদৰে যদি কোনো লোকে কোৰোণাত আক্ৰান্ত ৰোগীৰ মৃত্যু হ’লে মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াত বাধা দিয়ে, তেন্তে তেওঁলোকৰ বিৰুদ্ধেও প্ৰশাসনক কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে।
উল্লেখযোগ্য যে, এতিয়ালৈকে মেঘালয়ত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছে ৯জন লোক। লগতে ৰাজ্যখনত এতিয়ালৈকে ৫৫২জনৰ কোৰোণাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। এইসকল লোকৰ ভিতৰত ৩৮২ গৰাকী মেঘালয়ৰ বেথানী হাস্পতালৰ লোক। ইয়াৰে ২১৮ গৰাকী চিকিৎসক। এই লোকসকলৰ  ভিতৰত ২৪৬ টা পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে।মেঘালয়ত ৯১ গৰাকী লোকক কোৱাৰেন্টাইনত ৰখা হৈছে।মোঘালয়ত প্ৰথমে কেনেদৰে কোৰোণাৰ সংহাৰ আৰম্ভ হৈছিল সেই কথা এতিয়াও নিশ্চিত কৰিব পৰা নাই। প্ৰথমগৰাকী ৰোগীৰ সৈতে প্ৰত্যক্ষভাৱে সংস্পৰ্শলৈ অহা ১৪০ গৰাকী লোকক চিনাক্ত কৰিছে। লগতে ৪০০০ হেজাৰ পৰোক্ষভাৱে তেওঁৰ সংস্পৰ্শলৈ অহা লোককো চিনাক্ত কৰিছে প্ৰশাসনে।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
