আঞ্চলিক সাংবাদিক সংস্থাৰ চতুৰ্দশ পূৰ্ণাংগ অধিবেশন সম্পন্ন : কাজিৰঙা বঁটা প্ৰদান :

Aiidesh News : 31 January 2024 :  

কাজিৰঙাৰ কঁহৰাত দুদিনীয়া বিস্তৃত কাৰ্যসুচীৰে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ চতুৰ্দশ পূৰ্ণাংগ অধিবেশন অনুষ্ঠিত হৈ যায় ৷ ২৯ আৰু ৩০ জানুৱাৰীত অনুষ্ঠিত এই অধিবেশনৰ প্ৰথম দিনা অনুষ্ঠিত সংস্থাৰ বিষয় বাচনি সভাত কাজিৰঙাৰ জেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মাক সভাপতি আৰু জেষ্ঠ সাংবাদিক ৰঞ্জিত ৰজকক সম্পাদক হিচাবে লৈ কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ পুৰ্ণাংগ সমিতি গঠন কৰা হয় ৷ প্ৰতিনিধি সভাত বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি জেষ্ঠ সাংবাদিক বুবুল দত্ত আৰু সম্পাদক জেষ্ঠ সাংবাদিক নীলু আচাৰ্য্য পৰ্যবেক্ষক হিচাবে উপস্থিত থাকে ৷ অধিবেশনৰ লগত সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সহযোগত বনৰীয়া ম'হ দিৱস, সাংস্কৃতিক অনুষ্ঠান আৰু বনৰীয়া ম'হৰ আলোচিত্ৰৰ এক প্ৰদৰ্শনীও অনুষ্ঠিত হয় ৷

কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা পূৰ্ণাংগ অধিবেশনত গোলাঘাট জিলা ভিত্তিত "কাজিৰঙা বঁটা ২০২৪ প্ৰদান কৰা হয় ৷ অধিৱেনস্থলিত আয়োজিত মুকলি সভাত গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাক শ্ৰেষ্ঠ সাংবাদিক "কাজিৰঙা বঁটা" , কাজিৰঙাৰ অৱসৰ প্ৰাপ্ত বনবিষয়া চিন্ময় ধৰক শ্ৰেষ্ঠ পৰিবেশ কৰ্মী "কাজিৰঙা বঁটা" আৰু বোকাখাতৰ জীয়ৰী উমা ছেত্ৰীক শ্ৰেষ্ঠ খেলুৱৈ "কাজিৰঙা বঁটা" প্ৰদান কৰা হয় ৷ জেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মাৰ পৌৰহিত্যত আয়োজিত মুকলি সভাত অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষ,  অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ উপদেষ্টা বিশিষ্ট সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, মুখ্য সম্পাদক প্ৰদীপ ডেকা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভাপতি সুবৰ্ণ শইকীয়া বৰদলৈৰ উপৰিও বোকাখাত আৰু গোলাঘাট জিলাৰ সাংবাদিক সংস্থাৰ কৰ্মকৰ্তা আৰু বিষয়ববীয়া সকল উপস্থিত থাকে ৷ ৩০ জানুৱাৰীৰ নিশালৈ আয়োজিত সাংস্কৃতিক সন্ধ্যাত অসমৰ বিশিষ্ট গীতিকাৰ সুৰকাৰ জ্যোতি প্ৰসাদ দাস আৰু বিশিষ্ট কন্ঠ শিল্পী বিপিন চাওদাঙে অংশগ্ৰহন কৰে ৷

*******