নেপালী সাহিত্য সভাৰ বোকাখাত জিলা সমিতিৰ সপ্তম ত্রি-বার্ষিক অধিবেশনৰ সফল সামৰণী : উমা ছেত্ৰীক বিশেষ সম্বৰ্ধনা :

নেপালী সাহিত্য সভাৰ বোকাখাত জিলা সমিতিৰ সপ্তম ত্রি-বার্ষিক অধিবেশনৰ সফল সামৰণী : উমা ছেত্ৰীক বিশেষ সম্বৰ্ধনা :
Aiidesh photo
নেপালী সাহিত্য সভাৰ বোকাখাত জিলা সমিতিৰ সপ্তম ত্রি-বার্ষিক অধিবেশনৰ সফল সামৰণী : উমা ছেত্ৰীক বিশেষ সম্বৰ্ধনা :

Aiidesh News : 18 November - 2025 : 

বোকাখাত নগৰৰ জ্যোতি নগৰত থকা শ্রীশ্রীলক্ষ্মীনাৰায়ণ মন্দিৰ প্ৰাংগনত ৮ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা নেপালী সাহিত্য সভাৰ বোকাখাত জিলা সমিতিৰ সপ্তম ত্রি-বার্ষিক অধিবেশনৰ আজি সামৰণী পৰে । এই ইধিৱেশনৰ প্ৰথম দিনৰ কার্যসূচীৰ পুৱা স্থানীয় মহিলা সমিতিৰ সদস্য সকলে চলোৱা চাফাই অভিযানৰ পিচতেই অসম নেপালী সাহিত্য সভাৰ মুল পতাকা উত্তোলন কৰে নেপালী সাহিত্য সভাৰ বোকাখাত জিলা সমিতিৰ সভাপতি লীলনাথ উপাধ্যায় আৰু সাতখনকৈ পতাকা উত্তোলন কৰে প্রাক্তন সভাপতি পদ্মকেশৰ ছেত্রী, ভূপতি উপাধ্যায়, চন্দ্র শর্মা, কেশৱ চন্দ্র উপাধ্যায়, তিলক শর্মা, মোহন বোহোৰাই । স্মৃতি তর্পণ কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি, কৃষ্ণ নেপাল, অভ্যর্থনা সমিতিৰ কাৰ্যকাৰী সভাপতি সুখদেৱ তিৱাৰী, জিলা সমিতিৰ সম্পাদক উমাকান্ত উপাধ্যায়, টেক বাহাদুৰ ছেত্রী, প্রাক্তন সম্পাদক নৰেণ দাহাল, শ্যামলাল পোথ্রেল আৰু অৱসৰ প্রাপ্ত শিক্ষক শেৰ বাহাদুৰ কাফ্রে । বৃক্ষ ৰোপণ কাৰ্যসুচী ৰূপায়ণ কৰে সমাজ সেৱক মুক্তি কটোৱাল, ডিফলুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক দিলীপ থাপা, অৱসৰ প্রাপ্ত শিক্ষক ডম্ব কুমাৰ ভাৰতী, সমাজসেৱক পাৰথ ছেত্রী, প্রহ্লাদ গোদাৰ আৰু দধিৰাম উপাধ্যায়ে । পৰৱৰ্তী সময়ত বহুভাষী কবি সম্মিলন উদ্বোধন কৰে অসম কবি সম্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱাই । সঞ্চালনা কৰে অসম নেপালী সাহিত্য সভা কাৰ্যকৰী সভাপতি ড০ ইন্দু প্রভা দেবী আৰু কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক লক্ষ্মণ অধিকাৰীয়ে । কবি সন্মিলনত বিশিষ্ট কবি অমৰ শৰ্মা, এনিশা ঘিমিবে, মিনতি দলে পংকজ কালিন্দী লগতে নেপালী , অসমীয়া, হিন্দী , আদিবাসী আৰু মিচিং ভাষাৰ মুঠ ৩০ গৰাকী কবিয়ে কবিতা পাঠ কৰে ।

সন্ধিয়ালৈ কেন্দ্ৰীয় সমিতিৰ সংগঠনিক সম্পাদক গোপাল শ্ৰেষ্ঠৰ উপস্থিতিত বোকাখাত জিলা সমিতিৰ অন্তিম কার্য নির্বাহক সভা অনুষ্ঠিত হয় । কাৰ্যনিৰ্বাহক সভাৰ প্ৰাকক্ষনত ড° চিন্তামণি শৰ্মাৰ সভাপতিত্বত আৰু সচিব প্ৰধান তিলক শৰ্মাৰ সঞ্চালনত এক বিশেষ সভা অনুষ্ঠিত হয় । এই সভাতেই অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আতুল বৰা উপস্থিত থাকে এই অনুষ্ঠানতে বিশ্বকাপ ক্ৰিকেটৰ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট খেলুৱ বোকাখাতৰ উমা ছেত্ৰীক অসম নেপালী সাহিত্য সভাৰ তৰফৰ পৰা  জাপি, শৰাই , নেপালী গলবস্ত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানতে সপ্তম দ্বি বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ‘বোকাখাত দৰ্পণ’ নামৰ স্মাৰিকাখন অসম সৌৰভ উমা ছেত্ৰীৰ হাতেৰেই উন্মোচন কৰা হয় । ইয়াৰ পিচতেই বোকাখাত জিলা সমিতিৰ অন্তিম কার্য নির্বাহক সভাত কৃষ্ণ শৰ্মা সভাপতি, ডিম্ব ভাৰতীকাৰ্যকৰী সভাপতি আৰু দূৰ্গ সাপকটা, সম্পাদক হিচাবে লৈ অসম নেপালী সাহিত্য সভাৰ, বোকাখাত জিলা সমিতিৰ নতুন সমিতি গঠন কৰা হয় ।

শ্রীশ্রীলক্ষ্মীনাৰায়ণ মন্দিৰ প্ৰাংগনৰ সামুহিক ভৱনত অনুষ্ঠিত হোৱা এই অধিৱেশনৰ ৯ নৱেম্বৰৰ পুৱা স্থানীয় মানসপুৰৰ মহিলা সমিতিৰ উদ্যোগত চলোৱা চাফ-চাফাই অভিযানৰ পিচতেই আকস্মিক বক্তৃতাৰ প্রতিযোগিতা উন্মোচন কৰে অৱসৰ প্রাপ্ত শিক্ষক খগেন উপাধ্যায় আৰু সঞ্চালনা কৰে মইনা উপাধ্যায় আৰু তিলু নেউপানে । বিয়লি অসম নেপালী সাহিত্য সভা, বোকাখাত জিলা সমিতিৰ সভাপতি লীলনাথ উপাধ্যায়ৰ পৌৰহিত্যত সপ্তম ত্রি-বার্ষিক অধিবেশনৰ মুকলি সভা অনুষ্ঠিত হয় । মুকলি সভা উদ্বোধন কৰে অসম নেপালী সাহিত্য সভাৰ সচিব আদৰণী ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি টিকাৰাম ছেত্রীয়ে । মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসম নেপালী সাহিত্য সভাৰ সভাপতি ড° চিন্তামণি শর্মা । মুকলি সভাত নির্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে অসম নেপালী সাহিত্য সভা প্ৰধান সম্পাদক তিলক শর্মাই । মুকলি সভাতেই বোকাখাতৰ বিশিষ্ট সাহিত্যিক তথা যোগানন্দ দের সত্রাধিকাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বিভা বৰাক অসম নেপালী সাহিত্য সভাৰ কেন্দ্রীয় সমিতিৰ তৰফৰ পৰা গলবস্ত্ৰ, স্মাৰক পত্ৰ, সম্বৰ্ধনা পত্ৰ আৰু সঁফুৰাৰে সম্বৰ্দ্ধনা জনায় । মুকলি সভাত অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, অসম লেখিকা সন্ধানী সমাৰোহ সমিতিৰ সভাপতি সুৱর্ণ শইকীয়া বৰদলৈ, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, সভাপতি, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰা,  

অসম নেপালী সাহিত্য সভাৰ পৃষ্ঠপোষক গুণ বাহাদুৰ ছেত্রী, গোলাঘাট জিলা সমিতিৰ সভাপতিকে কে লোপচন,অসম গোর্খা সম্মিলনৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ৰাজু খনাল,অখিল অসম গোর্খা ছাত্র সংঘ, গোলাঘাট জিলা সমিতিৰ সভাপতি মেঘৰাজ সোনাৰ, অখিল অসম গোর্খা ছাত্র সংঘৰ কেন্দ্রীয় সদস্য সঞ্জীৱ ছেত্রী, অসম নেপালী সাহিত্য সভা, গোলাঘাট জিলা মহিলা প্রকোষ্ঠৰ সভাপতি মইনা উপাধ্যায় । কেন্দ্রীয় সদস্য লীলনাথ শর্মা, বোকাখাত পৌৰ সভাৰ ৱার্ড সদস্য উষা ছেত্রী, আৰু অখিল অসম গোর্খা ছাত্র সংঘৰ গোলাঘাট জিলা সমিতিৰ মূল সচিব  ৰুদ্ৰ ছেত্রী, বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াও উপস্থিত থাকে । মুকলি সভাতে মুখ্য সচিব তিলক শৰ্মাৰ অনুভুতিকা পৃষ্ঠাৰূহ নামৰ নিৱদ্ধ সংকলন আৰু তিলু দেৱীৰ গ্ৰন্থ উন্মোচন কৰা হয় । উন্মোচন কৰে কেন্দ্ৰীয় সভাপতি ড০ চিন্তামনি শৰ্মাই । মুকলি সভাতেই আমন্ত্ৰিত অতিথিৰ উপৰিও স্থানীয় সমাজ সেৱক মহাবীৰ প্ৰসাদ আগ্ৰৱালাকো সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।

‌*************