কাজিৰঙাৰ কহঁৰাৰ কোৱাৰেইন্টাইন কেন্দ্ৰত দুজন ব্যক্তিৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি

: আজিৰে পৰা বোকাখাততো মুকলি কোৱাৰেইন্টাইন কেন্দ্ৰ :

কাজিৰঙাৰ কহঁৰাৰ কোৱাৰেইন্টাইন কেন্দ্ৰত দুজন ব্যক্তিৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি
Photo : Uttam Saikia
কাজিৰঙাৰ কহঁৰাৰ কোৱাৰেইন্টাইন কেন্দ্ৰত দুজন ব্যক্তিৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি

কাজিৰঙাৰ কহঁৰাৰ কোৱাৰেইন্টাইন কেন্দ্ৰত দুজন ব্যক্তিৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি  : আজিৰে পৰা বোকাখাততো মুকলি কোৱাৰেইন্টাইন কেন্দ্ৰ :


AIIDESH NEWS. 18 May :


কাজিৰঙাৰ কহঁৰাত থকা পৰ্যটন বিভাগৰ অৰণ্য নামৰ ল'জত স্থাপন কৰা কভিড ১৯ ৰ কোৱাৰেইন্টাইন কেন্দ্ৰত ১৬ মে' পৰা ৰখা দুজন লোকৰ শৰীৰত আজি কভিড ১৯ ৰ উপস্থিতি ধৰা পৰিছে ৷ যোৱা ১৬ মে' ত চেন্নাইৰ পৰা অহা এই লোক দুজন ধনশিৰি মহকুমাৰ কাছমাৰীৰ ৰূপম বৰা আৰু উৎপল বৰা বুলি জানিব পৰা গৈছে ৷ যোৱা ১৬ মে'ত কহঁৰাৰ অৰণ্য ল'জত কোৱাৰেইন্টাইনত ৰখা যুৱক দুজনৰ নমুনা সংগ্ৰহ কৰি যোৰহাটৰ কভিড ১৯ পৰীক্ষ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু আজি এই পৰীক্ষাত দুয়োৰে শৰীৰত কভিড ১৯ ৰ উপস্থিতি ধৰা পৰা বুলি বিভাগীয় তথ্যত প্ৰকাশ ৷ দুয়োজন যুৱকক সম্প্ৰতি কহঁৰাৰ অৰণ্য ল'জৰ কোৱাৰেইন্টাইন কেন্দ্ৰৰ পৰা গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে কহঁৰাৰ বনশ্ৰী আৰু অৰণ্য নামৰ বিভাগীয় ল'জ দুটাক ইতিমধ্যেই কোৱাৰেইন্টাইনৰ কেন্দ্ৰ কৰা হৈছে ৷ ইয়াৰে বনশ্ৰীত বাহিৰৰ পৰা অহা ৯ জন লোকক আৰু অৰণ্যত ২০ লোকক কোৱাৰেইন্টাইন কৰি ৰখা হৈছে ৷ ইফালে বোকাখাত নগৰত থকা উদ্যোগ আৰু বানিজ্য বিভাগৰ অধীক্ষকৰ কাৰ্যালয় ভৱন আৰু জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ নিৱাসক আজিৰে পৰা কভিড ১৯ ৰ কোৱাৰেইন্টাইন কেন্দ্ৰ কৰা হৈছে ৷ লগতে কহঁৰাৰ লকচা পৰ্যটন নিৱাস আৰু ৱাহ কাজিৰঙা নামৰ ল'জকো আজিৰে পৰা কোৱাৰেইন্টাইন কেন্দ্ৰ কৰি বৰ্হি ৰাজ্যৰ পৰা অহা লোকক ৰখা হ'ব বুলি মহকুমাধিপতি বিবেক শ্যামে জনাইছে ৷ বোকাখাতৰ উদ্যোগ আৰু বানিজ্য বিভাগৰ কাৰ্যালয়ত ৩২ জন আৰু জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ নিৱাসত ৩০ জন মান লোকক কোৱাৰেইন্টাইন কৰা হ'ব বুলি মহকুমাধিপতিয়ে জনাইছে ৷