বোকাখাততো শিক্ষক দিৱস উদযাপন : গোৰ্খা অৱসৰ প্ৰাপ্ত শিক্ষক মহেন শইকীয়াক চিদানন্দ শইকীয়া স্মাৰক কৃৰ্তি শিক্ষকৰ ২০২৫ প্ৰদান গোৰ্খা সন্মিলনৰ :

Aiidesh News : 6 September - 2025 :

সমগ্ৰ ৰাষ্ট্ৰৰ লগতে ৫ ছেপ্তেম্বৰত বোকাখাত সমজিলাৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু অনুষ্ঠান প্ৰতিষ্ঠানত ৬৪ সংখ্যক 'শিক্ষক দিৱস' উদযাপন কৰা হয় ৷ বোকাখাতৰ আগশাৰীৰ শিক্ষানুষ্ঠান জে ডি এছ জি মহাবিদ্যালয় আৰু চি এন বি মহাবিদ্যালয়তো শিক্ষক দিৱসৰ কাৰ্যসুচী পালন কৰা হয় ৷ জে ডি এছ জি মহাবিদ্যালয়ত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয় খনৰ বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰস্তুত কৰা ১০ খনকৈ প্ৰাচীৰ পত্ৰ উন্মোচন কৰা হয় ৷ ইফালে বোকাখাত জিলা প্রাদেশীকৃত বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক-কর্মচাৰী সংস্থাৰ উদ্যোগত আৰু বোকাখাত আঞ্চলিক সমিতিৰ আতিথ্যত ৬৪ সংখ্যক 'শিক্ষক দিৱস' পালন কৰা হয় ৷ এই উপলক্ষে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আয়োজিত অনুষ্ঠানত পুৱাতেই পতাকা উত্তোলন আৰু বৃক্ষ ৰোপণ কাৰ্যসুচীৰ পিচত অৱসৰপ্ৰাপ্ত প্রধান শিক্ষয়িত্ৰী তথা ৰাজ্যিক কৃৰ্তি শিক্ষয়িত্ৰী চন্দ্রপ্রভা শইকীয়াৰ বাসগৃহলৈ গুৰু প্ৰনাম জনাই সংস্থাৰ তৰফৰ পৰা তেখেতক বাসগৃহতে সম্বৰ্ধনা জনোৱা হয় ৷ বিয়লিলৈ সংস্থাৰ সভাপতি বীৰেণ গগৈৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত 'জীৱনৰ বৰ্ণিল যাত্রা' নামৰ জীৱনপঞ্জীৰ তৃতীয় সংখ্যা আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় ৷ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক সাহিত্যিক পেঞ্চনাৰ মাখনলাল বাঢ়ৈয়ে ৷

বোকাখাতৰ গোৰ্খা ভৱন প্ৰাংগনত অসম গোৰ্খা সন্মিলন গোলাঘাট পশ্চিম জিলা সমিতি বোকাখাতৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ অনুষ্ঠানত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াক আধুনিক বোকাখাতৰ নিৰ্মাত কৃৰ্তি শিক্ষক প্ৰয়াত চিদানন্দ শইকীয়াৰ স্মৃতিত গোৰ্খা সন্মিলন চিদানন্দ শইকীয়া স্মাৰক কৃৰ্তি শিক্ষকৰ ২০২৫ বৰ্ষৰ বঁটা প্ৰদান কৰে ৷ এই অনুষ্ঠানত গোৰ্খা সন্মিলনৰ কৰ্মকৰ্তা আৰু বিষয় ববীয়াৰ উপৰিও প্ৰয়াত চিদানন্দ শইকীয়াৰ জেষ্ঠ পুত্ৰ অৱসৰ প্ৰাপ্ত প্ৰৱক্তা গোপিকানন্দ শইকীয়াও উপস্থিত থাকে ৷ উল্লেখ্য যে এইবাৰৰ শিক্ষক দিৱসত বোকাখাত সম জিলাৰ শিলভেটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নন্দিতা ৰাজপুত আৰু ১ নং পৰঙনীয়া জ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নবীন দাসক ৰাজ্যিক শিক্ষকৰ বঁটা আৰু মানসপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰ্মিন্দৰ দলেক আৰু বংকোৱালৰ শম্ভুৰাম মিৰি এম ই স্কুলৰ সহকাৰী শিক্ষক মৃদুল লইংক গোলাঘাট জিলাৰ কৃৰ্তি শিক্ষকৰ বঁটা প্ৰদান কৰা হয় ৷