বিহুৰ বতৰতো নিস্তব্ধ গুৱাহাটী মহানগৰ
                            বিশ্বত ত্রাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ বাবে ম্লান পৰিল অসমীয়া জনজীৱনৰ আয়ুস ৰেখা ৰঙালী বিহুৰ৷ বছৰজোৰা অপেক্ষাৰ অন্তত হেঁপাহৰ ৰঙালী বিহুটি যদিও কাষতে, তথাপি এতিয়া সকলোৰে মাজত কেৱল কৰ’না ভাইৰাছৰ আতংক৷ যাৰ বাবে ৰাজ্যৰ লগতে মহানগৰতো নাই কোনো ৰঙালীৰ পৰিৱেশ৷ নাই ঢোলৰ গুমগুমনি৷ মাথোঁ কেউফালে এতিয়া নিজান-নিমাত পৰিৱেশ৷ সকলোৰে মাজত মাথোঁ এতিয়া ভয়-শংকাৰ মনোভাব৷ কাৰণ কৰ’না ভাইৰাছে লোৱা সংহাৰী ৰূপে সকলোকে ঘৰৰ ভিতৰতে আবদ্ধ থাকিবলৈ বাধ্য কৰিছে৷
সেয়ে এতিয়া কোনোফালে নাই বিহুৰ উন্মাদনা৷ উল্লেখযোগ্য যে তথাপি হেঁপাহৰ ৰঙালী বিহুটি কেৱল পৰম্পৰা ৰক্ষাৰ বাবেহে একাংশই অনুষ্টুপীয়াকৈ আয়োজন কৰিছে৷ আনহাতে এনে পৰম্পৰা ৰক্ষাৰ বাবে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত উলুবাৰী ৰঙালী বিহু সন্মিলনীয়ে কাইলৈ পুৱা ১০ বজাত পতাকা উত্তোলন, স্মৃতি তর্পণ কৰিব৷ আনহাতে লকডাউনৰ পৰিপ্রেক্ষিতত সন্মিলনীয়ে অঞ্চলটোৰ একাংশ অসহায় লোকৰ মাজত খাদ্য সামগ্রী বিতৰণ কৰিব৷
ঠিক একেদৰে গুৱাহাটী বিহু সন্মিলন, পূব গুৱাহাটী বিহু সন্মিলন, বৃহত্তৰ গণেশগুৰি বিহু সন্মিলন, বেলতলা বিহু সন্মিলন, পাণ্ডু বিহু সন্মিলন, নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলনকে ধৰি মহানগৰৰ অন্যান্য বিহু সন্মিলনীয়ে কাইলৈ পৰম্পৰা ৰক্ষা কৰি কেৱল পতাকা উত্তোলন, স্মৃতি তর্পণ আদি কার্যসূচী ৰূপায়ণ কৰিব৷ প্রথমবাৰৰ বাবে হেঁপাহৰ ৰঙালী বিহুটি উলহ-মালহেৰে পালন কৰিবলৈ নাপাই সকলোৰে মন বিশাদেৰে ভৰি পৰিছে৷ আনহাতে মহানগৰত ৰাজ্যৰ অন্যান্য ঠাইৰ পৰা আহি থকা লোকসকলো লকডাউনৰ বাবে ঘৰলৈ যাব নোৱৰাত দুখ মনেৰে সময় কটাইছে৷
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
