বোকাখাতৰ ৰজাবাৰীত ভয়াবহ পথ দুৰ্ঘটনা : এখন টিগ'ৰ ৰ ওপৰতে বাগৰি পৰিল মালবাহী ট্ৰাক : ঘটনাস্থলীতে এজনৰ মৃত্যু :

বোকাখাতৰ ৰজাবাৰীত ভয়াবহ পথ দুৰ্ঘটনা : এখন টিগ'ৰ ৰ ওপৰতে বাগৰি পৰিল মালবাহী ট্ৰাক : ঘটনাস্থলীতে এজনৰ মৃত্যু :
Photo : Uttam Saikia

AIIDESH NEWS.17 September :

বোকাখাতৰ ৰজাবাৰীত বুধবাৰৰ দিনা বিয়লি ৩৭ নং ৰাষ্ট্ৰীয় পথত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দূৰ্ঘটনাত এখন চলন্ত টিগৰ গাড়ীৰ ওপৰত  এখন  চাহপাত কঢ়িওৱা ট্ৰাক বাগৰি পৰে ৷ ফলত টিগ'ৰ গাড়ীখনৰ চালকৰ আসনত থকা প্ৰিয়ংকু গগৈৰ ঘটনাস্থলিতে মৃত্যু হয় ৷ ঘটনাৰ বিৱৰণী মতে বোকাখাতত বজাৰ কৰি পত্নীৰ সৈতে প্ৰিয়াংকু গগৈ বোকাখাতৰ পৰা নিজা বাসগৃহ তামুলীপথাৰলৈ গৈ আছিল ৷ এনে অৱস্থাত ৰজাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথত তিনিচুকীয়াৰ পৰা কলিকতালৈ বুলি চাহপাতৰ বেগ কঢ়িয়াই অনা ডাব্লিউ বি ৮৯ / ২১১১ নম্বৰৰ মালবাহী ট্ৰাকখন প্ৰিয়াংকু গগৈয়ে চলাই যোৱা বাহন খনৰ ওপৰতে বাগৰি পৰে । ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ট্ৰাকৰ তলত সোমাই পৰা টিগ'ৰ খনৰ চালকৰ আসনত থকা প্ৰিয়াংকু গগৈ ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে তেওঁৰ পত্নী গাড়ীৰ ভিতৰতে দীৰ্ঘ সময় ধৰি আৱদ্ধ হৈ যন্ত্ৰণাত ছটফটাই আছিল । পিচত বিধস্তপ্ৰায় টিগ'ৰ গাড়ীখনৰ দুৱাৰ কাটি আহত মহিলাগৰাকীক উদ্ধাৰ কৰি বোকাখাত কমলামিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
প্ৰিয়াংকু গগৈ বোকাখাত মহকুমাৰ তামুলী পথাৰৰ বৰুৱা গাঁৱৰ নিবাসী তথা শ্ৰীম্ত শংকৰদেৱ শংকৰ দেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ যান-বাহন উপ-সমিতিৰ সম্পাদক আছিল । প্ৰিয়াংকুৰ গগৈৰ মৃত্যুত সমগ্ৰ বোকাখাততে শোকৰ ছাঁ পৰিছে ৷