সদৌ বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত কাজিৰঙাত ১২ আৰু ১৩ জুলাইত জিলা ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতা :

Aiidesh News  : 7 July 2023  :

ইণ্ডিয়া টাইকোৱাণ্ডোৰ অনুমতি অনুসৰি অহা ২১ ৰ পৰা ২৪ জুলাই লৈকে সদৌ অসম আন্তঃজিলা টাইকোৱাণ্ডো প্ৰতিযোগিতা শিৱসাগৰ জিলা টাইকোৱাণ্ডো সন্থাৰ তত্বাৱধানত চাওলুং চুকাফা ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । সেই উপলক্ষে বিভিন্ন জিলাত এতিয়া ৰাজ্যিক খেলত প্ৰতিনধিত্ব কৰিবৰ বাবে নিৰ্বাচনী প্ৰতিযোগিতাও চলি আছে । অন্যহাতে সদৌ বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ অধীনতো  অহা  ১২ আৰু ১৩ জুলাইত  দুদিনীয়া নিৰ্বাচনী প্ৰক্ৰিয়াৰ খেল আয়োজন কৰা হৈছে । কাজিৰঙাৰ কঁহৰাত থকা ৰূপজ্যোতি সংঘৰ প্ৰাংগনত এই নিৰ্বাচনী খেল অনুষ্ঠিত হ'ব । এই নিৰ্বাচনী প্ৰতিযোগিতাত প্ৰতিযোগীসকলে পুম্পচে আৰু ক'ৰোগি শাখাত অংশ গ্ৰহণ কৰিব পাৰিব । এই প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা সকলো প্ৰতিযোগিক সদৌ অসম আন্তঃজিলা টাইকোৱাণ্ডো প্ৰতিযোগিতাত প্ৰতিনধিত্ব কৰিবলৈ অনুমতি দিয়া হ'ব বুলি সদৌ বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ তৰফৰ পৰা জানিবলৈ দিয়ে  । সদৌ বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত এই নিৰ্বাচনী প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে  বুলি জানিবলৈ দিছে সদৌ বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ সভাপতি হোমেন গগৈ আৰু সাধাৰণ সম্পাদক সোমেশ্বৰ পাটগিৰিয়ে  ৷ 

*******************