ভাৰতত কোৰোনা ৰোগী চিকিৎসা কৰা প্ৰথমজন চিকিৎসকৰ মৃত্যু,১৫ হাজাৰ কোটি টকাৰ স্বাস্থ্য জৰুৰী পুঁজি
                            দেশজুৰি আতংকৰ সৃষ্টি কৰা মাৰাত্মক কোৰোনা ভাইৰাছ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ন ন পদক্ষেপ হাতত লৈছে। কোৰোনা আক্ৰান্তৰ ৰোগীৰ সংখ্যা ভাৰতত ৰোধ কৰা তথা কোৰোনা ভাইৰাছ নাইকীয়া কৰাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কোৰোনা ভাইৰাছ ৰোধৰ বাবে ন ন পদক্ষেপ গ্ৰহণ কৰি থকাৰ সময়ছোৱাতে মাৰাত্মক ভাইৰাছবিধ ৰোধৰ বাবে ১৫ হাজাৰ কোটি স্বাস্থ্য জৰুৰী পুঁজি মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে।
অৰ্থাৎ এই বৃহৎ পুঁজি ব্যয় কৰি স্বাস্থ্য খণ্ড উন্নত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আনহাতে কোৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীক চিকিৎসা কৰি ভাৰতত প্ৰথমজন চিকিৎসকৰ মৃত্যু ঘটিছে। মৃত্যু ঘটা মধ্যপ্ৰদেশৰ ৬২বছৰীয়া চিকিৎসক গৰাকীয়ে কোৰোনা ৰোগীৰ চিকিৎসা কৰি নিজেই এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈ পৰিছিল।
আজি ইন্দোৰত চিকিৎসা গৰাকীৰ মৃত্যু ঘটে কোৰোনা ভাইৰাছত। ফলত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ ভাৰতত প্ৰথমজন চিকিৎসকৰ মৃত্যু ঘটে মধ্যপ্ৰদেশত। আজি মৃত্যু ঘটা চিকিৎসক গৰাকীক শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। মৃত্যু ঘটা চিকিৎসক গৰাকীৰ নাম আছিল ডাঃ শত্ৰুঘ্ন পঞ্জৱানী। ইয়াৰ উপৰি ভাৰতৰ কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী অশ্বিনী চৌবেও চিকিৎসক গৰাকীক টুইটাৰৰ জড়িয়তে শ্ৰদ্ধাঞ্জলি জনায়। উল্লেখ্য যে ভাৰতত কোৰোনা ৰোগীক চিকিৎসা কৰি ইতিমধ্যে কেইবাগৰাকী চিকিৎসক তথা স্বাস্থ্যকৰ্মী মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈ পৰিছে।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
