বোকাখাতত প্ৰয়াত সাংবাদিক ভৱেশ শইকীয়াৰ স্মৃতিচাৰণ আৰু ভৱেশ শইকীয়া স্মাৰক এইদেশ বঁটা প্ৰদান : দেৰগাওঁৰ প্ৰবীন সাংবাদিক মহেন্দ্ৰ নাথ হাজৰিকা আৰু চিনাকানৰ পাপুমনি হাজৰিকালৈ ভৱেশ শইকীয়া স্মাৰক এইদেশ বঁটা - ২০২৩ :

Aiidesh News : 17 January 2024 : 

বোকাখাত প্ৰেছ ক্লাব আৰু আসাম প্ৰেছ ক'ৰেছপনডেন্ট ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি , জনতাৰ প্ৰহৰী ভৱেশ শইকীয়াৰ ৯৫ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি ১৬ জানুৱাৰীত বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত ভৱেশ শইকীয়া স্মাৰক এইদেশ বঁটা ২০২৩ প্ৰদান আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ বোকাখাতৰ পুৱতি সাহিত্য সভাৰ উদ্যোগত, বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সংস্থা, সন্ধানী লেখিকা সমাৰোহ সমিতি, বোকাখাত নাট্য মন্দিৰ, ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট  এচ'ছিয়েচন বোকাখাত, কাজিৰঙা নিউজ নেটৱৰ্ক,  আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ  ইউনিয়ন (আপকু) আৰু এইদেশ নিউজৰ সহযোগত অনুষ্ঠিত এই  অনুষ্ঠানৰ আৰম্ভনীতে প্ৰয়াত ভৱেশ শইকীয়াৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু প্ৰতিকৃতিত মাল্যদান কৰা হয় ৷ বন্তি প্ৰজ্বলন কৰে ভৱেশ শইকীয়াৰ পৰিবাৰ চন্দ্ৰপ্ৰভা শইকীয়াই ৷ মাল্য অৰ্পণ কৰে পৰিয়ালৰ জেষ্ঠ সদস্য লীলা শইকীয়াই ৷ ইয়াৰ উপৰিও পুৱতি সাহিত্য সভাৰ সভাপতি অপুৰ্ব বৰদলৈ, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতুলী খাউণ্ড, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা আৰু বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তই বন্তি প্ৰজ্বলন কৰে ৷ 

পৰবৰ্তী সময়ত অপুৰ্ব বৰদলৈৰ পৌৰহিত্যত আয়োজিত স্মৃতিচাৰণ সভা স্থানীয় বৰগীত শিল্পী ৰূপা হাজৰিকাৰ বৰগীত পৰিৱেশনেৰে আৰম্ভ হয়  ৷ এই অনুষ্ঠানত নিদিৰ্ষ্ট বক্তা হিচাবে অংশগ্ৰহন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিভা বৰা আৰু লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে ৷ পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই আঁত ধৰা স্মৃতিচাৰণ সভাতেই এইদেশ নিউজৰ উদ্যোগত জনতাৰ প্ৰহৰী ভৱেশ শইকীয়া স্মাৰক এইদেশ বঁটা ২০২৩ প্ৰদান কৰা হয় ৷ বঁটা প্ৰদানৰ প্ৰাকক্ষণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড৹ সোনালী ঘোষে এইদেশ নিউজৰ ডিজিটেল পৰিচয় পত্ৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷ অনুষ্ঠানত বোকাখাত পৌকৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, চিদানন্দ শইকীয়া ন্যাস সমিতিৰ সভাপতি গোগিকানন্দ শইকীয়া, কাজিৰঙা নিউজ নেটৱৰ্কৰ অধ্যক্ষ বদন দুৱৰা, ভৱেশ শইকীয়াৰ সহপাঠী সুৰেণ শৰ্মা, অধ্যাপক ড৹ জয়ন্ত দাস, প্ৰশান্ত শইকীয়া,জিলা  মইনা পাৰিজাতৰ সভাপতি মনোৰঞ্জন সেন, মিচিং সাহিত্য সভাৰ উপদেষ্টা মিনতি দলে, জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি অমৰ শৰ্মা, জিলা চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি হৰিবোলা কালিন্দী,জেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি আনিচুৰ ৰহমানৰ উপৰিও বোকাখাতৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে ৷

প্ৰয়াত শিক্ষাবিদ আৰু সাংবাদিক গৰাকীৰভৱেশ ৯৫ সংখ্যক জন্মদিৱসৰ লগতে আয়োজিত স্মৃতিচাৰণ সভা আৰু এইদেশ বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যিক পৰ্যায়ৰ ভৱেশ শইকীয়া স্মাৰক শ্ৰেষ্ঠ সাংবাদিকতাৰ এইদেশ বঁটা - ২০২৩ দেৰগাওঁৰ প্ৰবীণ সাংবাদিক মহেন্দ্ৰ নাথ হাজৰিকাক আৰু জিলা পৰ্যায়ৰ ভৱেশ শইকীয়া স্মাৰক শ্ৰেষ্ঠ যুৱ উদ্যোগীৰ এইদেশ বঁটা - ২০২৩ বোকাখাত মহকুমাৰ চিনাকানৰ নিৱাসী মৌ পালক তথা যুৱ কৃষক পাপুমনি হাজৰিকাক প্ৰদান কৰা হয় ৷ এই বঁটাত ভৱেশ শইকীয়াৰ প্ৰতিকৃতিৰ এক স্মাৰক, মানপত্ৰ, চেলেং চাদৰ আৰু নগদ ধন প্ৰদান কৰা হয় ৷ বঁটা প্ৰদান কৰে এইদেশ নিউজ গোষ্ঠীৰ হৈ ভৱেশ শইকীয়াৰ পৰিবাৰ চন্দ্ৰপ্ৰভা শইকীয়া আৰু জেষ্ঠপুত্ৰ গৌতম শইকীয়াই ৷ 

উল্লেখ্য যে উচ্চ প্ৰযুক্তিৰ অনলাইন সংবাদ মঞ্চ  এইদেশ নিউজে অসমৰ প্ৰথম বহুভাষিক ৱেব পৰ্টেল হিচাপে গৌৰৱেৰে থিয় হৈ বিগত পাঁচটা বছৰেই সফলতাৰে সেৱা আগবঢ়াই আহিছে । এইদেশৰ এই যাত্ৰা ২০১৭ চনৰ ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিৱেশবিদ পদ্মশ্ৰী যাদৱ পায়েঙ আনুষ্ঠানিকভাৱে মুকলি কৰিছিল । এইদেশ নিউজ গোষ্ঠীয়ে আগত দিনত প্ৰতি বৰ্ষতেই এই দুই বঁটা প্ৰদান কৰিব ৷

********