বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰয়াত জয়চন্দ্ৰ শইকীয়াৰ স্মৃতিচাৰণ সভা :

বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰয়াত জয়চন্দ্ৰ শইকীয়াৰ স্মৃতিচাৰণ সভা  :
Aiidesh Photo

Aiidesh News  : 24 May -2024 : 

বোকাখাতৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা বোকাখাতত ইংৰাজী শিক্ষাৰ বাটকতীয়া প্ৰয়াত জয়চন্দ্ৰ শইকীয়াৰ মৃত্যু তিথিত উপলক্ষে আজি বিদ্যালয়খনত তেখেতৰ প্ৰতিমূৰ্ত্তিত মাল্যাপৰ্ন, বন্তি প্ৰজ্বলন কৰা লগতে স্মৃতিচাৰণ কৰা হয় । এই উপলক্ষে আয়োজিত বিশেষ অনুষ্ঠানত প্ৰয়াত জয়চন্দ্ৰ শইকীয়াৰ প্ৰতিমুৰ্তিত মাল্য অৰ্পণ কৰাৰ উপৰিও জয়চন্দ্ৰ শইকীয়াৰ নাতি বোকাখাতৰ বিশিষ্ট সমাজ কৰ্মী দিলীপ শইকীয়াই মাঙ্গলিক কৰ্মৰে বন্তি প্ৰজ্বলন কৰে ৷ অনুষ্ঠানত বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কমল গগৈ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শৰৎ দত্ত, পুৱতি সাহিত্য সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, সম্পাদক গীতাঞ্জলি কলিতা, বিদ্যালয় প্ৰতিষ্ঠাতা তথা জয়চন্দ্ৰ শইকীয়াৰ সহযোগী প্ৰয়াত চগমল চৌধুৰীৰ নাতি বিশিষ্ট সমাজ কৰ্মী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী দেবীপ্ৰসাদ চৌধুৰী, কৰ্মচাৰী সন্থাৰ সম্পাদক অসীম বৰা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা ,মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, সম্পৈদক উত্তম শইকীয়া, অচ্যুত হাজৰিকা, বোকাখাত পৌৰসভাৰ ৱাৰ্ড সদস্য প্ৰাঞ্জল বৰুৱা , বিশিষ্ট সমাজকৰ্মী উৎপল বৰদলৈ,  বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে ৷ অনুষ্ঠানত উপস্থিত ব্যক্তি সকলে প্ৰয়াত জয়চন্দ্ৰ শইকীয়াৰ প্ৰতিমুৰ্তিত স্মৃতি তৰ্পন কৰাৰ উপৰিও তেখেতৰ স্মৃতিচাৰণো কৰে ৷ লগতে প্ৰতিষ্ঠাপক সহযোগি প্ৰয়াত ছগমল চৌধুৰীৰ প্ৰতিকৃৰ্তিটো বন্তি প্ৰজ্বলন কৰা হয় ৷ অনুষ্ঠানত অনাগত দিনত জয়চন্দ্ৰ শইকীয়া আৰু ছগমল চৌধুৰীৰ নামত শৈক্ষিক বঁটা প্ৰদান আৰু জয়চন্দ্ৰ শইকীয়াৰ স্মৃতিত ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা পতাৰ বাবে সিধান্ত গ্ৰহন কৰা হয় ৷

**********