যন্ত্রৰে মেৰামতি হ’ব মথাউৰি
                            লকডাউনৰ সময়সীমা বৃদ্ধি সম্পর্কে অসম চৰকাৰে ১২ এপ্রিলতহে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ উক্তদিনা বিভিন্ন ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰাৰ পিছতে বিয়লিৰ ভাগত অনুষ্ঠিত হ’ব লগা ৰাজ্য চৰকাৰৰ কেবিনেটে সিদ্ধান্ত ল’ব পৰৱর্তী কার্যপন্থা সম্পর্কে৷ এই কথা আজি তেজপুৰত সাংবাদিকৰ আগত সদৰী কৰে মন্ত্রী কেশৱ মহন্তই৷
উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা পর্যালোচনা সভাত মন্ত্রী কেশৱ মহন্তই কৃষি, পশুপালন, খাদ্য আৰু অসামৰিক যোগান বিভাগ, শ্রম বিভাগ ইত্যাদিৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ সাম্প্রতিক পৰিস্থিতিত জনসাধাৰণত কি ধৰণে সকাহ দিব পৰা যায় সেই সম্পর্কে আলোচনা কৰে৷
ইফালে কেন্দ্রীয় চৰকাৰৰ নির্দেশাৱলী তথা স্বাস্থ্য বিভাগৰ নির্দেশ পালন কৰি চাহ বাগিচাসমূহ খোলাৰ প্রস্তুতিও চলাৰ ইংগিত প্রদান কৰে৷
ইফালে বাৰিষাৰ দিন চমু চাপি অহাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ ভগ্ন মথাউৰিসমূহ নির্মাণৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি জলসম্পদ মন্ত্রীগৰাকীয়ে সাংবাদিকক অৱগত কৰে৷ তেওঁ কয় যে মানুহৰ ব্যৱহাৰ কম কৰি যন্ত্রৰ সহায় লোৱাৰ চিন্তা-চর্চা কৰা হৈছে মথাউৰি নির্মাণৰ ক্ষেত্রত৷
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
