১৩ এপ্রিলৰ পৰা গুৱাহাটীৰ পৰা ডিব্রুগড়লৈ পার্চেল ট্রেইন

১৩ এপ্রিলৰ পৰা গুৱাহাটীৰ পৰা ডিব্রুগড়লৈ পার্চেল ট্রেইন

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ব্যৱসায়ীসকলৰ সুবিধার্থে চলি থকা লকডাউনৰ সময়ছোৱাত অহা ১৩ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ গুৱাহাটীৰ পৰা ডিব্রুগড়লৈকে আৰু মেন্দিপথাৰলৈ পার্চেল ট্রেইন চলোৱাৰ যো-জা কৰিছে৷

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া শুভানন্দ চান্দাই জনোৱা মতে, ব্যৱসায়ীসকলে এই বয়-বস্তু কঢ়িওৱা পার্চেল এক্সপ্রেছ ট্রেইনৰ জৰিয়তে কমসংখ্যক সামগ্রীহে সৰবৰাহ কৰিব পাৰিব৷

অহা ১৩ এপ্রিলত গুৱাহাটীৰ পৰা পুৱা ৭ বজাত এৰিব লগীয়া এই ট্রেইনখনে যাত্রাপথত হোজাই, লামডিং জংচন, ডিফু, ডিমাপুৰ, সৰুপথাৰ, ফৰকাটিং জংচন, মৰিয়নি জংচন, শিমলুগুৰি জংচন আৰু নিউ তিনিচুকীয়াত ১৫ মিনিট সময়কৈ ল’ডিং-আনল’ডিঙৰ বাবে ৰ’ব৷

ট্রেইনখন নিশা ১০-৪০ বজাত আহি ডিব্রুগড়ত উপস্থিত হ’ব৷ পার্চেল বুকিঙৰ বাবে অহা ১১ এপ্রিলৰ পুৱা ১০ বজাৰ পৰা ১২ এপ্রিলৰ সন্ধিয়া ৬ বজা পর্যন্ত ৰে’ল কর্তৃপক্ষই সুবিধা ৰাখিছে৷ সবিশেষ জানিবৰ বাবে লামডিঙৰ জ্যেষ্ঠ মাণ্ডলিক ব্যাৱসায়িক প্রবন্ধক (ফ’ন ঃ ৯৯৫৭৫-৫৩৯৫০), তিনিচুকীয়াৰ বাবে (৯৯৫৭৫-৫৫৯৫০), গুৱাহাটীৰ বাবে (৯৯৫৭৫-৫৩৯৫৪), ডিব্রুগড়ৰ বাবে (৯৯৫৭৫-৫৩৯৫৩), তিনিচুকীয়াৰ ব্যাৱসায়িক নিয়ন্ত্রক (৯৯৫৭৫-৫৫৯৮৪), নিউ গুৱাহাটীৰ বাবে (৯৭০৬১-২৬৭৭৯) আৰু লামডিঙৰ বাবে (৯৯৫৭৫-৫৩৯১৫) অথবা ষ্টেছন প্রবন্ধকসকলৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে৷