৩০ এপ্ৰিল পৰ্যন্ত ল’ক ডাউন, প্ৰধানমন্ত্ৰীৰ সিধান্তক বিভিন্ন পক্ষৰ আদৰণি
                            দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈকে ৭,৪৩৯ জন। বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে ৪০ জনে। এনেদৰে এতিয়া ল’ক ডাউনৰ মাজতো প্ৰতিদিনেই কোৰোণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি সঁচাকৈয়ে উদ্বেগজনক। ইফালে অহা ১৪ এপ্ৰিলত অন্ত পৰিব ল’ক ডাউন। কিন্তু কোৰোণাৰ এই ভয়াৱহতালৈ চাই ল’ক ডাউন বৃদ্ধি অহা ৩০ এপ্ৰিললৈকে দেশত ল’ক ডাউন বাহাল  থকাৰ সিধান্ত গ্ৰহণ কৰা হৈছে।
 আজি ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সিধান্ত গ্ৰহণ কৰে।
 প্ৰায় ৮০ শতাংশ ৰাজনৈতিক নেতাই কোৰোণা ভাইৰাছৰ ভয়াৱহতালৈ চাই লক ডাউনৰ সীমা বৃদ্ধি কৰা প্ৰধানমন্ত্ৰীক আহ্বানক আদৰণি জনাইছে। ৰোগৰ নিয়ন্ত্ণ নহালৈকে লকডাউন বৃদ্ধি কৰাটো যুকিক্তপূৰ্ণ উল্লেখ কৰিছে।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
