বোকাখাতৰ মেথনি চাহ বাগিছাত আহত হাতী : পদ্মশ্ৰী ডা৹ কুশল কোঁৱৰ শৰ্মাৰ তত্বাৱধানত চিকিৎসাৰ ব্যৱস্থা :

Aiidesh News : 22 January 2024 : 

পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত বনাঞ্চলৰ এলেকাধীন মেথনি চাহ বাগিচাত ১৫ জানুৱাৰীৰ পৰা আহত হৈ থকা এটা বনৰীয়া মখনা হাতীৰ চিকিৎসাৰ বাবে আজি ঘটনাস্থলীত উপস্থিত হয় পশুচিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱক্তা পদ্মশ্ৰী ডা৹ কুশল কোঁৱৰ শৰ্মা ৷ বোকাখাতৰ মেথনি চাহ বাগিছাৰ ৫ নম্বৰ বাগান আৰু পানবাৰী সংৰক্ষিত বনাঞ্চলৰ সীমাতে থকা আহত মখনা হাতীটো পৰীক্ষা কৰি ডা৹ কুশল কোঁৱৰ শৰ্মাই জল থেৰাপীৰ কৌশলেৰে আহত হাতীটোৰ চিকিৎসা কৰাৰ কথা অৱগত কৰে ৷ পাৰস্পৰিক যুঁজত আগফালৰ সোঁ ভৰিৰ হাড় ভাঙি যোৱাৰ বাবে মখনা হাতীটোয়ে ১৫ জানুৱাৰীৰ পৰাই মেথনি চাহ বাগিছাতে অৱস্থান কৰি আছে ৷ বনকৰ্মী সকলে দিনে ৰাতিয়ে পহৰা দিয়াৰ উপৰিও বন বিভাগৰ পশু চিকিৎসক আৰু পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসকেও হাতীক চিকিৎসা প্ৰদান কৰি আছে ৷

আজি পুৱা মেথনি চাহ বাগিছাৰ ঘটনাস্থলীত উপস্থিত হৈ কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ, ডা৹ কুশল কোঁৰ শৰ্মা, পশু চিকিৎসক ডা৹ ভাস্কৰজিত চৌধুৰী আৰু বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল আৰু বাগিছাৰ পৰিচালকে ডা৹ কুশল শৰ্মাৰ পৰামৰ্শ মতে হাতীটোৰ পৰ্ৱৰতী চিকিৎসাৰ ব্যৱস্থা কৰে ৷ ডা৹ কুশল কোঁৱৰ শৰ্মাৰ মতে প্ৰয়োজনীয় ঔষধ প্ৰয়োগৰ উপৰিও জল থেৰাপী প্ৰয়োগৰ বাবে হাতীটোৰ সমীপতে গাত খান্দি পানী জমা কৰাৰো ব্যৱস্থা কৰা হয় যাতে পানীত নামি হাতীটোয়ে গাৰ ওজন আৰু ভাৰাসাম্যতা ৰক্ষাত কৰাতো সহজ হ'ব ৷ পদ্মশ্ৰী ডা৹ কুশল কোঁৱৰ শৰ্মাৰ তত্বাৱধানত সম্প্ৰতি মেথনি চাহ বাগিছাৰ আহত হাতীটোৰ পৰৱৰ্তী চিকিৎসা আজিৰে পৰা আৰম্ভ হৈছে ৷

*******