বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন :

বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন :
Aiidesh Photo
বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন :
বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন :

বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন :

Aiidesh News : 28 August 2023 :

বোকাখাত মহকুমাৰ বৰজুৰি আৰু পানবাৰী সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত ২৮ আগষ্টত কেন্দ্ৰটোৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ ২০০২ চনৰ ২৮ আগষ্টত প্ৰতিষ্ঠা হোৱা আৰু দুৰ্গত বন্যপ্ৰাণীৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত এই কেন্দ্ৰটোৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰটোৰ প্ৰাংগনতে উদযাপন কৰা হয় ৷ অনুষ্ঠানত লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ড৹ ৰথীন বৰ্মনে আৰম্ভনীতেই কেন্দ্ৰটোৰ ২০ বছৰীয়া ইতিহাসৰ এক চমু আভাস দাঙি ধৰে ৷ কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ  প্ৰতিষ্ঠা দিৱসত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা , ডি এফ অ' অৰুণ বিঘ্নেশ , কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱসৰ প্ৰাপ্ত গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা ,  বন বিভাগৰ পশু চিকিৎসক ডা৹ কৰুণা ডেকা, বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা আৰু মনজিত সোনোৱালৰ লগতে বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াকে ধৰি ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানত অসমত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন ক্ষেত্ৰত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত আজি কেন্দ্ৰটোৰ ভুমিকা আৰু কাৰ্যাৱলী সম্পৰ্কত আলোচনা কৰা হয় ৷ কেন্দ্ৰটোৰ ২১ বছৰীয়া ইতিহাসত কেন্দ্ৰই জনসাধাৰণৰ মাজত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কৰা কেন্দ্ৰক সকলোয়ে ধন্যবাদ জনায় ৷

উল্লেখ্য যে উত্তৰ পুৰ্বাঞ্চলৰ লগতে দেশৰ ভিতৰতে অন্যতম বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণৰ এই কেন্দ্ৰটোয়ে ভাৰতত প্ৰথম বাৰৰ বাবে এশিঙীয়া গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু লাওঁখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত মুঠ ১৯ টাকৈ গড়ঁক বনাঞ্চলত পুনৰ সংস্থাপন কৰিছিল ৷ উল্লেখ যে ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সময়ত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই ৭,৯৪৩ টা দুৰ্গত বন্যপ্ৰাণী উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ পিচত তাৰে ৪,৯১৯ টা বন্যপ্ৰাণীক কেন্দ্ৰীয় প্ৰটক'ল মতে পুনৰ বনাঞ্চলত মুকলি কৰি দিবলৈ সক্ষম হৈছে ৷ এই পৰিসংখ্যাৰ ভিতৰৰ ২,২৪২ টা প্ৰাণী চিকিৎসাধীন অৱস্থাত আৰু ৫১২ টা বন্যপ্ৰাণী কেন্দ্ৰলৈ অনাৰ সময়তেই মৃত্যুৰ মুখত পৰিছে ৷ ইয়াৰ উপৰিও কেন্দ্ৰ পৰা ১৩৬ প্ৰাণীক স্থানান্তৰিতও কৰা হৈছে বুলি কেন্দ্ৰ পৰিচালক ডা৹ চামচুল আলীয়ে জানিবলৈ দিয়ে ৷ সম্প্ৰতি কেন্দ্ৰটোত ২ টা গঁড়ৰ পোৱালী, ৪ টা হাতী, ৫ টা নাহৰফুটুকী বাঘ আৰু ১০ টা অনান্য বন্যপ্ৰাণীক চিকিৎসা আৰু প্ৰতিপালনৰ বাবে ৰখা হৈছে ৷

ভাৰতৰ আগশাৰীৰ বেচৰকাৰী সন্থা ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই অসমৰ বন বিভাগ আৰু ইন্টাৰনেচনেল ফাণ্ড ফৰ এনিমেল ৱেলফেয়াৰৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে স্থাপন কৰা এই কেন্দ্ৰটোয়ে বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কৰাৰ উপৰিও জনসাধাৰণ মাজত বন আৰু বন্যপ্ৰাণীৰ সজাগতা সৃষ্টি কৰাৰ বাবে এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ৭২০ গৰাকী ছাত্ৰ ছাত্ৰী, বিভিন্ন বন সংমণ্ডলৰ পৰা অহা ১০৭০ গৰাকী বনকৰ্মী আৰু বিভিন্ন গাঁৱৰ পৰা অহা ৭৮০ গৰাকী লোককো বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰশিক্ষণ প্ৰদান কৰিছে  ৷

*********