আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মহাকাশত বিচাৰিব সোণ, আন্তঃৰাষ্ট্ৰীয় আইন অমান্য!

আমেৰিকাৰ  ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মহাকাশত বিচাৰিব সোণ, আন্তঃৰাষ্ট্ৰীয় আইন অমান্য!
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মহাকাশত বিচাৰিব সোণ

মাৰ্কিন যুক্তৰাষ্ট্ৰত সম্প্ৰতি বিশ্ব ত্রাস মহামাৰী Covid 19 য়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যি সময়ত আমেৰিকাত একেটা দিনতে ক'ৰুণা ভাইৰাছত আক্ৰান্ত হৈ ২০০০ জনতকৈ অধিক ৰোগীয়ে কৰুণ মৃত্যুক সাৱটি লব লগীয়া হৈছে, সেই সময়ত আমেৰিকাৰ দা ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প য়ে দেশৰ ৰোগাক্ৰান্ত লোক সকলৰ কথা চিন্তা নকৰি  চন্দ্ৰত খনিজ সম্পদ খননৰ বাবে এক নতুন অধ্যাদেশ জাৰি কৰি কৰিছে।

আমেৰিকাৰ প্ৰবল প্ৰতাপী ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মহাকাশ সম্পৰ্কীয় সকলো আন্তঃৰাষ্ট্ৰীয় আইন ভৰিৰে গচকি যোৱা 6 এপ্ৰিলত চন্দ্ৰ তথা বিশ্বব্ৰহ্মাণ্ডৰ অনান্য গ্ৰহানুত আমেৰিকাৰ Mining Company আৰু উদ্যোগপতি সকলক সম্পদ খনন কৰিবলৈ অনুমতি প্ৰদান কৰি এটা Executive Order স্বাক্ষৰ কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে NASA ক চন্দ্ৰ আৰু মঙ্গল গ্ৰহ অভিযান কাৰ্যসূচী আগুৱাই নিবলৈ ২০১৮বৰ্ষৰ বাবে $২৫.২ বিলিঅন ডলাৰ অৱণ্টন দিছে।

ডোনাল্ড ট্ৰাম্পে চহী কৰা এই বহু বিতৰ্কিত অধ্যাদেশ খনক নামকৰণ কৰা হৈছে Encouraging International Support for the Recovery and Use of Space Resources বুলি। এই আদেশৰ যোগেদি আমেৰিকাৰ Mining Company আৰু উদ্যোগপতি সকলে একচেতিয়াভাবে চন্দ্ৰ, মঙ্গল গ্ৰহ আৰু অন্যান্য গ্ৰহানুৰ পৃষ্ঠত খনন কৰি তাৰ পৰা মূল্যবান সম্পদ পৃথিৱীলৈ আনি বাণিজ্য কৰিব পাৰিব। ট্ৰেম্পৰ পৰিকল্পনা অনুসৰি NASA ই ২০২৪ চনৰ ভিতৰত চন্দ্ৰলৈ পুনৰ মানুহ প্ৰেৰণ কৰাৰ আঁচনিৰ কথা ২০১৮ চনতেই ঘোষণা কৰিছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে জাৰি কৰা এই  বিশেষ নিৰ্দেশটো টো অবৈধ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ পৰিপন্থী বুলি ৰাছিয়াকে ধৰি বহুকেইখন দেশে দাবী কৰিছে। স্মৰ্তব্য, মাৰ্কিন কংগ্ৰেছে যোৱা ২০১৫ চনতেই এখন আইন গৃহীত কৰি ৰাখিছে , যি আইনে আমেৰিকাৰ কোম্পানী সমূহক চন্দ্ৰ আৰু মঙ্গল গ্ৰহত ব্যৱসায়িক ভিত্তিত সম্পদ খনন আৰু অন্বেষণৰ অধিকাৰ প্ৰদান কৰিছে। দ্বিতীয়তে, আমেৰিকাই ১৯৭৯ চনত স্বাক্ষৰিত আন্তৰ্জাতিক Moon Treaty আজিও চহী কৰা নাই। এই চুক্তি অনুসৰি পৃথিৱীৰ ৰাষ্ট্ৰ সমূহে বৈজ্ঞানিক গৱেষণাৰ বাহিৰে চন্দ্ৰত ব্যৱসায়িক কামকাজ কৰাটো নিষিদ্ধ ঘোষণা কৰিছে।