কাজিৰঙাৰ ১৭ সংখ্যক আৱাসিক প্ৰকৃতি শিৱিৰৰ সামৰণী : সমাৱৰ্তন সমাৰোহত জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ সৈতে টিম ৰূদ্ৰ :
Aiidesh News : 13th July - 2025 :
কাজিৰঙাৰ ৱাইল্ড গ্ৰাছ ৰিজৰ্টত ১০ জুলাইৰ পৰা চলি থকা ১৭ সংখ্যক আৱাসিক প্ৰকৃতি শিৱিৰৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় কথা ছবি ৰুদ্ৰৰ অভিনেতা ৰবি শৰ্মা, অভিনেত্ৰী অৰ্চিতা আগ্ৰৱাল, কণ্ঠ শিল্পী ভাস্বতী ভাৰতী, কাৰ্যবাহী প্ৰযোজক হৃষিকেশ ভট্টচাৰ্য আৰু ৰূদ্ৰ নামৰ কথাছবিখনত জড়িত সকলো সদস্যৰ এটা টিম ৷ ৱাইল্ড গ্ৰাছৰ প্ৰেক্ষাগৃত অনুষ্ঠিত হোৱা প্ৰকৃতি শিৱিৰৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকি অভিনেতা ৰবি শৰ্মাই ১৭ সংখ্যক প্ৰকৃতি শিৱিৰত অংশগ্ৰহন কৰা ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ৷ উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকলক প্ৰদান কৰা উপহাৰৰ টোপোলা অভিনেতা ৰবি শৰ্মাই কৰ্তৃপক্ষৰ হৈ ছাত্ৰ ছাত্ৰী সকলক প্ৰদান কৰে ৷ এই অনুষ্ঠানত টিম ৰূদ্ৰৰ সৈতে কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ, পুব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশৰ লগতে বন বিষয়া , বনকৰ্মী আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে ৷ টিম ৰূদ্ৰৰ প্ৰতিজন সদস্যৰ উপৰিও অভিনেতা ৰবি শৰ্মা আৰু অভিনেত্ৰী অৰ্চিতা আগ্ৰৱালাৰ লগতে টিম ৰূদ্ৰৰ সকলো সদস্যকে স্মাৰক আৰু ফুলাম গামোছা, তৈল্য চিত্ৰ আদি বিভিন্ন উপহাৰেৰে সম্বৰ্ধনা জনায় ৷
উল্লেখ্য যে ২০০৭ চনতে বোকাখাতৰ পৰিবেশ কৰ্মী উত্তম শইকীয়া আৰু তদন্তাদীন কাজিৰঙাৰ ডি অফ অ’ ভাৰতীয় বন সেৱা বিষয়া উৎপল বৰাৰ উদ্যোগতে প্ৰথম বাৰৰ বাবে কাজিৰঙাত আৱাসিক প্ৰকৃতি শিৱিৰ অনুষ্ঠিত হৈছে ৷ তাৰ পিচতেই এই দুই ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাত এই আৱাসিক প্ৰকৃতি শিৱিৰে সুদীৰ্ঘ পথ অতিক্ৰম কৰি আহি ১৭ বছৰ সম্পুৰ্ণ কৰিবলৈ সক্ষম হৈছে ৷ এই বাৰ ১০ জুলাইৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া এই প্ৰকৃতি শিৱিৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেউটা বনাঞ্চলৰ উপৰিও বিশ্বনাথ বন সংমণ্ডল আৰু নগাওঁ বন সংমণ্ডলৰ পৰা অহা মুঠ ৪২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ তিনি দিনীয়া এই প্ৰকৃতি শিৱিৰত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা পৰিবেশ কৰ্মী, বন গৱেষক, বিশেষজ্ঞ, অধ্যাপক, যোগ প্ৰশিক্ষক, বন বিষয়া আৰু অধ্যাপকে সমল ব্যক্তি হিচাবে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ৷ ইয়াৰ উপৰিও ১১ জুলাইৰ পুৱাতে ছাত্ৰ ছাত্ৰী সকলক কাজিৰঙাৰ গেলেকীৰ কাৰ্বি পাহাৰত পক্ষী নিৰীক্ষন কৰোৱাৰ পিচত স্থানীয় গাওঁ দৰ্শন কৰোৱা হয় ৷ একেদৰে ১২ জুলাইৰ পুৱাতে শিৱিৰৰ ছাত্ৰ ছাত্ৰী সকলক পানবাৰী সংৰক্ষিত বনাঞ্চলত পক্ষী নিৰীক্ষণ কৰোৱা আৰু বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰটো দেখুৱা হয় ৷ এই কেন্দ্ৰতে কেন্দ্ৰ পৰিচালক তথা জেষ্ঠ পশু চিকিৎসক ডা৹ ভাস্কৰ চৌধুৰীয়ে ছাত্ৰ ছাত্ৰী সকলক বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণৰ লগতে আপদ কালীন সময়ত বন্যপ্ৰাণী উদ্ধাৰৰ বিভিন্ন কৌশল আৰু ব্যৱস্থাৱলী প্ৰদৰ্শন কৰে ৷
১২ জুলাইৰ সন্ধ্যা ১৭ সংখ্যক এই আৱাসিক প্ৰকৃতি শিৱিৰৰ সমাৰণী পৰাৰ পিচত আজি পুৱাতে শিৱিৰত অংশগ্ৰন কৰা ছাত্ৰ ছাত্ৰী সকলে নিজ নিজ বাসগৃহলৈ ওভটি যায় ৷ উল্লেখ্য যে বিগত ১৭ টা বছৰত অনুষ্ঠিত কাজিৰঙাৰ এই প্ৰকৃতি শিৱিৰত কাজিৰঙাৰ কাষৰীয় গাওঁৰ ৬০০ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰি আজিও বন আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে সেৱা আগবঢ়াই আহিছে ৷ বন, পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সজাগ আৰু সচেতন কৰি উঠি অহা প্ৰজন্মৰ মাজত ইতিবাচক আৰু বিজ্ঞান মনস্কতা গঢ়ি তোলাতোয়েই এই আৱাসিক প্ৰকৃতি শিৱিৰৰ অন্যতম উদ্দেশ্য ৷
*********
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
