ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ অসম জীয়ৰী উমা ছেত্ৰীক বোকাখাতত বিপুল সম্বৰ্ধনা :

 

ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ অসম জীয়ৰী উমা ছেত্ৰীক বোকাখাতত বিপুল সম্বৰ্ধনা  :

Aiidesh News  : 24 July 2023  : 

বাংলাদেশৰ মাটিত প্ৰথম বাৰৰ বাবে আয়োজিত আন্ত:ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট শৃংঙ্খলাত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ অংশ গ্ৰহন কৰি স্বগৃহলৈ অহা বোকাখাতৰ উমা ছেত্ৰীক আজি বোকাখাতত বিপুল সম্বৰ্ধনা জনোৱা হয় ৷ বোকাখাত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত স্থানীয় ৰাজহুৱা খেল পথাৰত আয়োজিত এক আড়ম্বৰপুৰ্ণ সম্বৰ্ধনা অনুষ্ঠানত বোকাখাত জিলা ক্ৰীড়া সন্থা, বোকাখাত মাষ্টাৰ্চ এথলেটিকচ, বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা, ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এচোচিয়েচন, মহকুমা ছাত্ৰ সন্থাকে ধৰি মুঠ ৭০ টাৰো অধিক দল সংগঠন, ব্যক্তি আৰু ব্যৱসায়িক প্ৰতিষ্ঠানে আন্ত: ৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ উমা ছেত্ৰীক ফুলাম গামোছা ,চেলেং চাদৰ, সৰুদৈয়া জাপি, ক্ৰিকেট বেট, মানপত্ৰ আদিৰে বিপুল সম্বৰ্ধনা জনায় ৷

উমা ছেত্ৰীয়ে ক্ৰিকেটৰ আদি পাঠ গ্ৰহন কৰা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা, অতিৰিক্ত জিলা আয়ুক্ত তথা বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডা৹ নেহা যাদৱ, অসম ক্ৰীড়া আয়োগৰ উপাধ্যক্ষ আকাশ ফুকন, ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলাৰ সভাপতি দেৱ প্ৰদীপ বৰা, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি বোধৰাজ ছেত্ৰী, আইন উপদেষ্টা জগত কলিতা, বিশিষ্ট ক্ৰীড়া সংগঠক ডা৹ পুলিন বৰকটকী, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বিশিষ্ট সমাজ সেৱক মহাবীৰ প্ৰসাদ আগ্ৰৱালা, অনিমেষ শইকীয়া, অজয় শৰ্মা, উমা ছেত্ৰীৰ প্ৰশিক্ষক ৰাজা ৰহমান,  নেহবুব আলম আদি বিশিষ্ট লোক সকল উপস্থিত থাকে ৷

বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়াই আঁত ধৰা অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই ৷ সম্বৰ্ন্ধনা অনুষ্ঠানত উমা ছেত্ৰীক ক্ৰিকেটৰ আদি পাঠ শিকিওৱা ৰাজা ৰহমান, প্ৰশিক্ষক মেহবুব আলম, উমা ছেত্ৰীৰ পিতৃ লোক বাহাদুৰ ছেত্ৰী মাতৃ দীপা ছেত্ৰী, বিশেষ সহযোগ আগবঢ়োৱা অসম ক্ৰিকেট বৰ্ডৰ প্ৰাক্তন সহকাৰী সম্পাদক অজয় শৰ্ম্মা, বোকাখাত ক্ৰিকেট বিভাগৰ সম্পাদক পংকজ বৰাক বোকাখাত জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সম্বৰ্ন্ধনা জনায়। সম্বৰ্ন্ধনা গ্ৰহন কৰি অভিভূত হৈ পৰা উমা ছেত্ৰীয়ে সাংবাদিকৰ আগত কয় যে তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বোকাখাতৰ সুনাম অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত সংকল্পবদ্ধ। ইফালে এনে এক অনুষ্ঠানত বোকাখাত মহকুমা প্ৰশাসনৰ তৰফৰ খেলুৱৈ গৰাকী আদৰণি নজনোৱা কায্যক সচেতন মহলৰ মাজত আলোচ্যৰ বিষয় হৈ পৰিছে।

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা উমা ছেত্ৰী হ'ল অসমৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ ৷ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰি বোকাখাতৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা উমা ছেত্ৰীৰ ঘৰ বোকাখাতৰ কান্ধুলিমাৰী গাওঁৰ কৃষক লোকবাহাদুৰ ছেত্ৰী আৰু দীপা ছেত্ৰীৰ দুহিতা । বাংলাদেশৰ মীৰপুৰত অনুষ্ঠিত ভাৰত বাংলাদেশ ক্ৰিকেট শৃংঙ্খলাত অংশ গ্ৰহন কৰি ২৩ জুলাইত বোকাখাত পায়হি উমা ছেত্ৰী ৷

***********