অসমত আৰু এজনৰ দেহত কোৰোণা পজিটিভ

অসমত আৰু এজনৰ দেহত কোৰোণা পজিটিভ

অসমত আৰু এজনৰ দেহত ধৰা পৰিছে কোৰোণা পজিটিভ। কৰিমগঞ্জৰ এজন লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। এই লোকজনৰো নিজামুদ্দিন মাৰ্কাজৰ সৈতে সম্পৰ্ক আছে। এই কথা টুইটাৰযোগে প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি বঙাইগাঁৱত চাৰিজনৰ দেহত ধৰা পৰিছিল কোৰোণা পজিটিভ। এদিনতে অসমত মুঠ ৫ জন লোকৰ দেহত ধৰা পৰিল কোৰোণা পজিটিভ।