খিলঞ্জীয়া বিৰোধী ভূমিনীতিৰ বিৰোধিতা মটক ছাত্ৰ সন্থাৰ

 

সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কেবিনেটে অনুমোদন জনোৱা নতুন ভূমি নীতিৰ তীব্ৰ বিৰোধিতা কৰি আজি ডিকমত মটক ছাত্ৰ সন্থাই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জুমুঠি দাহ কৰে। জাতি, মাটি আৰু ভেটিৰ কথা আওৰাই থকা ৰাজ্যৰ সৰ্বানন্দ সোনোৱাল চৰকাৰে নতুনকৈ গ্ৰহণ কৰা ভূমি নীতিৰ জৰিয়তে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰিছে। সোণোৱাল কেবিনেটে অনুমোদন জনোৱা এই নতুন ভূমি নীতিয়ে অসমৰ খিলঞ্জীয়া লোকক ক্ৰমাগতভাৱে ভূমিহীন কৰাৰ দিশে আগবঢ়াই নিব। সোণোৱাল চৰকাৰে গ্ৰহণ কৰা নতুন ভূমি নীতিৰ ফলত বহিঃৰাজ্যৰ বণিক গোষ্ঠীয়ে অসমত অবাধে আহি খিলঞ্জীয়া লোকৰ সকলো শ্ৰেণীৰ মাটিৰ লগতে কৃষি ভূমিও ক্ৰয় কৰিব। ইয়াৰ ফলত অসমৰ কৃষি ভূমিও হ্ৰাস হব। সদৌ অসম মটক ছাত্ৰ সন্থাই সোণোৱাল চৰকাৰৰ এই নতুন ভূমি নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে। কথাই কথাই জাতি, মাটি আৰু ভেটিৰ বচন আওৰাই তথাকথিত জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল চৰকাৰ খনে দিছপুৰৰ মচনদত উপনীত হৈ এটাৰ পিছত আনটো জাতি, মাটি আৰু ভেটিৰ বিপৰীতে সিদ্ধান্ত লৈ অসমৰ থলুৱা খিলঞ্জীয়া লোকৰ অস্তিত্বৰ প্ৰতি ভয়াৱহ সংকট নমাই আনিছে। মুখ্যমন্ত্ৰীৰ সোণোৱালে কেৱল মাত্ৰ দিল্লীক সন্তুষ্ট ৰখাৰ স্বাৰ্থত অসমৰ সকলো মাটি, ভেটি, সম্পদ বহিৰাগতক গতাই দিব বিছাৰিছে। মটক ছাত্ৰ সন্থাই সোণোৱাল চৰকাৰৰ এই খিলঞ্জীয়া আৰু অসমীয়া জাতি বিৰোধী ভূমি নীতিৰ অনতি বিলম্বে প্ৰত্যাহাৰ কৰাৰ দাবীত আজি ডিকমত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। আনহাতে অখিল গগৈ মুক্তিৰ দাবী জনোৱাৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ৰোধ কৰিবলৈ দাবী জনায় মটক ছাত্ৰ সন্থাই।