৫ মে' ২০২০, ইতিহাসত আজিৰ দিনটো

৫ মে' ২০২০, ইতিহাসত আজিৰ দিনটো

► ৫ মে' দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১২৫ সংখ্যক (অধিবৰ্ষত ১২৬ তম) দিন।
► বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ২৪০ টা দিন বাকী আছে।
► ১৮১৮ চনৰ আজিৰ দিনটোত জাৰ্মান অৰ্থনীতিবিদ, দাৰ্শনিক তথা সমাজবাদী আন্দোলনৰ অন্যতম হোতা কাৰ্ল মাৰ্ক্সৰ জন্ম হয় ৷
► ১৮৯৫ চনৰ এই দিনটোতে সমাজসেৱক তথা সাহিত্যিক অমিয় কুমাৰ দাসৰ জন্ম হয় ৷
► ১৯১৬ চনৰ আজিৰ দিনটোত জন্ম হৈছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইল সিঙৰ ৷ তেওঁ ১৯৮৭ চনৰ পৰা ২৫ জুলাইলৈকে ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
► ১৯৪৪ চনৰ আজিৰ দিনটোতে অসম সাহিত্য সভাৰ সভাপতি মইদুল ইছলাম বৰাই মৃত্যুক সাৱতি লয় ৷
► ১৯৫৫ চনত আজিৰ দিনটোতে সংসদত গৃহীত হয় হিন্দু বিবাহ বিচ্ছেদ বিধেয়ক
► ১৯২১ চনৰ আজিৰ দিনটোতে বিশ্বৰ ক্ষুদ্ৰতম সংবাদ-পত্ৰ ‘ব্ৰাইনাৰ গেজেট’ প্ৰথম প্ৰকাশ হয় ৷ উল্লেখযোগ্য যে সংবাদ পত্ৰখনৰ আকাৰ আছিল ১০X১৩ ছেঃমিঃ ৷
► আজিৰ দিনটোতে আটলাণ্টিক এটি ক্ষুদ্ৰ দ্বীপত নেপোলিয়ন বোনাপাৰ্টৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁ নিৰ্বাসিত অৱস্থাত আছিল ৷
► আজি নেদাৰলেণ্ডৰ স্বাধীনতা দিৱস ৷৷