বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি, দৈনিক অগ্ৰদূত কাকতৰ সাংবাদিক ভবানন্দ কলিতালৈ অসম চৰকাৰৰ সাংবাদিক পেঞ্চন :

বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি, দৈনিক অগ্ৰদূত কাকতৰ সাংবাদিক ভবানন্দ কলিতালৈ অসম চৰকাৰৰ সাংবাদিক পেঞ্চন :
Aiidesh Photo

Aiidesh News : 7 January -2026 :

বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি, জেষ্ঠ সাংবাদিক দৈনিক অগ্ৰদূত কাকতৰ বোকাখাতৰ প্ৰতিবেদক, বোকাখাত নগৰৰ মিলনপুৰৰ বাসিন্দা ভবানন্দ কলিতালৈ অসম চৰকাৰে সাংবাদিক পেঞ্চন আগবঢ়াইছে । অসমৰ মুঠ ২০ গৰাকী সাংবাদিকৰ ভিতৰত গোলাঘাট জিলাৰ পৰা চলিত বছৰত একমাত্ৰ ভবানন্দ কলিতাই এই পেঞ্চন লাভ কৰিছে । গোলাঘাটৰ পৰা প্ৰকাশিত দৃষ্টিকোণ, তাজপুৰৰ সাদিনীয়া সংবাদ , নৰ্থ ইষ্ট টাইমছ, নতুন দৈনিক, অগ্ৰদূত, অসমীয়া প্ৰতিদিন আদিত কাকতত এসময়ত সাংবাদিক হিচাপে কাম কৰা ভবানন্দ কলিতাই দৈনিক অগ্ৰদূত কাকতৰ লগত বিগত প্ৰায় ডেৰ কুৰি বছৰ সাংবাদিক হিচাপে জড়িত হৈ আছিল। ভবানন্দ কলিতাই ইতিমধ্যে ডুম্বি কামান সোঁৱৰণী শ্ৰেষ্ঠ সাংবাদিক বটা, পবিত্ৰ নাৰায়ণ সোঁৱৰণী শ্ৰেষ্ঠ সাংবাদিক বটা, দিক দৰ্শন গোষ্ঠীৰ দ্বাৰা সংবাদ প্ৰহৰী উপাধি, অখিল ভাৰতীয় ভোজপুৰী ছাত্ৰ সন্থাৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা আদি বিভিন্ন বঁটা লাভ কৰা লগতে অসম চৰকাৰৰ লেখক বঁটা ইতিমধ্যে লাভ কৰিছিল । ভবানন্দ কলিতা সাংবাদিক পেঞ্চন পোৱা  বোকাখাত সমজিলাৰ প্ৰথম গৰাকী সাংবাদিক । সাংবাদিক পেঞ্চ পোৱাৰ বাবে ভবানন্দ কলিতাক বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা, ইমজা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা প্ৰমুখ্যে বিভিন্ন দল সংগঠনে কলিতাক অভিনন্দন জনায় ।

***********