বোকাখাতৰ পৰা চিকিৎসাৰ বাবে দিল্লীলৈ যোৱা দম্পতিৰ কভিড ১৯ ৰ সংক্ৰমন

A couple from Bokakhat, Assam recently visited New Delhi for medical treatment tests positive for COVID-19

বোকাখাতৰ ম'হমাইকী গাওঁৰ পৰা দিল্লীলৈ চিকিৎসাৰ বাবে গৈ কভিড ১৯ ত আক্ৰান্ত হোৱা দম্পতিৰ সৈতে সংগী হৈ যোৱা একেখন গাঁওৰে কংকনজ্যোতি বৰাৰ দিল্লীৰ ৰাজীৱ গান্ধী চুপাৰ স্পেচেলিটি হস্পিতালৰ আইচ'লেশ্বন ৱাৰ্ডত ভৰ্তি হৈ আছে ৷ লক ডাউনৰ পুৰ্বেই  অজিত শইকীয়া আৰু তেওঁ পৰিবাৰ বন্তি শইকীয়াৰ লগত দিল্লীলৈ গৈছিল কংকনজ্যোতি ৷ দিল্লীত তেওঁলোকে বন্তি হাজৰিকাৰ কৰ্কট ৰোগৰ চিকিৎসা কৰিবৰ বাবে যাৱতীয় পৰীক্ষা কৰোতে অজিত শইকীয়া আৰু বন্তি শইকীয়াৰ শৰীৰত কভিড সংক্ৰমন ধৰা পৰে ৷ যাৰ বাবে ডাক্তৰে কংকনজ্যোতিৰো কভিড ১৯ ৰ পৰীক্ষা কৰায় ৷ পৰীক্ষাত বোকাখাতৰ তিনিওজনৰে শৰীৰত কভিড ১৯ ৰ সংক্ৰমন ধৰা পৰে ৷ অৱশ্যে ইয়াৰ পাচত কংকনজ্যোতিৰ আৰু দুটা পৰীক্ষা কৰা হব বুলি তেওঁ নিজেই জনাইছে ৷ তিনিওজনৰেই দিল্লীত থাকোতেই কভিড ১৯ ৰ এই সংক্ৰমন হয় ৷