বোকাখাতৰ সমীপৰ কাকচাঙৰ কাইফলাংচু জলপ্ৰপাতত অচিনাকী মহিলাৰ মৃতদেহ উদ্ধাৰ :
Aiidesh News : 8 March -2026 :
আন্তজাৰ্তিক নাৰী দিৱসৰ দিনটোতে দেওবাৰে বোকাখাতৰ সমীপৰ কাৰ্বি আংলংৰ কাকচাংত এগৰাকী অচিনাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় । প্ৰাপ্য তথ্য মতে বোকাখাত কাৰ্বি-আংলং সিমান্তৱৰ্তী কাকচাংত থকা কাইফলাংচু জলপ্ৰপাতত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় । পুৱা বেলাতে স্থানীয় লোকে জলপ্ৰপাতৰ গভীৰ পানীত উপঙি থকা অৱস্থাত মহিলা গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি সমীপৰ ডলামৰা আৰক্ষী চকীত খবৰ দিয়ে । স্থানীয় লোকৰ খবৰৰ ভিত্তিতে ডলামৰা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ লগতে মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । বৰ্তমান লৈকে মৃত মহিলা গৰাকীৰক চিনাক্ত কৰিব পৰা নাই ডলামৰাৰ আৰক্ষীয়ে । ডলামৰাৰ আৰক্ষীয়ে জনোৱা মতে বিগত সময়চোৱাত ডলামৰা অঞ্চলটোৰ পৰা কোনো লোক নিৰুদ্দেশ হোৱাৰ কোনো তথ্য ডলামৰা আৰক্ষী চকালৈ অহা নাই। ঘটনাৰ সম্পৰ্কত আৰক্ষীৰ অভিযান অব্যহত আছে বুলি জানিব পৰা গৈছে।
***********







