বোকাখাতত সুধাকন্ঠৰ ড° ভূপেন হাজৰিকাৰ ১৪ সংখ্যক মৃত্যু বাৰ্ষিকীৰ বিভিন্ন অনুষ্ঠান ⦂
death anniversary# bhupen Hazarika#Bokakhat
Aiidesh News ⦂ 5 November - 2024 ⦂
বোকাখাত নাট্য মন্দিৰৰ উদ্যোগত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু গোলাঘাট জিলা ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । এই উপল পুৱা অনুষ্ষ্ঠিত স্মৃতি তৰ্পন অনুষ্ঠানত তৰ্পণ কৰে নাট্য মন্দিৰৰ সভাপতি দিলীপ শইকীয়া আৰু সম্পাদক জিতু শৰ্ম্মা ৰাজখোৱাই । অনুষ্ঠানত সত্ৰ সংস্কৃতিৰ গবেষক,তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী ড° নিৰুপমা মহন্তক সম্বৰ্ন্ধনা জনায় । ইয়াৰ পিছত স্থানীয় শিল্পী সকলৰ দ্বাৰা সমবেত সংগীতেৰে ভূপেন্দ্ৰ সৎগীতৰ প্ৰতিযোগিতাৰ মঞ্চ উদ্ধোধন কৰা হয় । "ক" আৰু "খ" শাখাত অনুষ্ঠিত কৰা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগী সকলে অংশ গ্ৰহন কৰে । সন্ধিয়া ১৪ গছ বন্তি প্ৰজ্বলন কৰে ক্ৰমে পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, নাট্য মন্দিৰৰ সভাপতি দিলীপ শইকীয়া, শিল্পী সমাজৰ সভাপতি বিজয় শৰ্ম্মা, বোকাখাত মইনা পাৰিজাতৰ সভাপতি মনোৰঞ্জন সেন আৰু নাট্য মন্দিৰৰ বিষয় ববীয়া আৰু সদস্য সকলে ।
গোলাঘাট জিলা ভিত্তি আয়োজিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ "ক" শাখাত প্ৰান্তিকা প্ৰিয়ম শৰ্ম্মাই প্ৰথম, উৎপলাক্ষী চেতীয়াই দ্বিতীয়, আকাশ নীল নেঁওগে তৃতীয় আৰু বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে চন্দ্ৰিকা কটকী, বিস্তীৰ্ণা দাস,জাচিংফা গগৈ আৰু গীত গুঞ্জন গগৈয়ে । "খ" শাখাত ত্ৰিদিষ্ণা বৰাই প্ৰথম, উজ্জ্বল বৰ্মনে দ্বিতীয় আৰু কবিতা শইকীয়াই তৃতীয় স্থান লাভ কৰে । বিজয়ী প্ৰতিযোগী সকলক নগদ ধন, স্মাৰক আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় । একেদৰে ড° ভূপেন হাজৰিকাৰ স্মৃতিত ইমজাৰ নামৰ সাংবাদ গোষ্ঠী আৰু ফেচেংবৰ হেৰিটেজৰ সদস্য সকলে বোকাখাত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সমূখত ড° ভূপেন হাজৰিকাৰ পূৰ্নাঙ্গ সোনালী মূৰ্তিৰ সমূখত তিনিদিন বন্তি প্ৰজ্বলন কৰে । ইফালে সাংস্কৃতিক মহাসভা বোকাখাত আঞ্চলিক সমিতি, শিল্পী সমাজ বোকাখাত, বোকাখাত জিলা মইনা পাৰিজাত, পুৱতি সাহিত্য সভা,সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সহযোগত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ ১৪ সংখ্যক মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰেক্ষাগৃহত উদযাপন কৰে ।
*********