বোকাখাত জিলা এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত ওপৰ টেমেৰাৰ খেলুৱৈৰ মাজত খেলৰ সামগ্ৰী বিতৰন :

বোকাখাত জিলা এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত ওপৰ টেমেৰাৰ খেলুৱৈৰ মাজত খেলৰ সামগ্ৰী বিতৰন :
Aiidesh Photo

বোকাখাত জিলা এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত ওপৰ টেমেৰাৰ খেলুৱৈৰ মাজত খেলৰ সামগ্ৰী বিতৰন :   

Aiidesh News  : 26 March :

বোকাখাত জিলা এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত আজি জিলাখনৰ পুৱ প্ৰান্তৰ ওপৰ টেমাৰত বক্সিং খলুৱৈৰ মাজত বক্সিং গ্ল'বচ বিতৰণ কৰে ৷ ওপৰ টেমেৰা হাইস্কুলৰ সমীপৰ খেল পথাৰত আয়োজিত বক্সিং প্ৰশিক্ষণ স্থলীতে আয়োজিত এক অনুষ্ঠানত খেলুৱৈ সকলক খেলৰ সামগ্ৰী বিতৰণ কৰা হয় ৷ অনুষ্ঠানত অঞ্চলটোৰ জনপ্ৰিয় ক্ৰীড়া সংগঠক জয় নাৰায়ণ লইং, অসম বক্সিং সন্থাৰ উপ সভাপতি তথা বোকাখাত জিলা এমেচাৰ বক্সিং সন্থাৰ সম্পাদক প্ৰাঞ্জুমনি গগৈ ,সাংগঠনিক সম্পাদক দেৱ বৰুৱা, বোকাখাত জিলা এমেচাৰ বক্সিং সন্থাৰ সভাপতি উত্তম শইকীয়া আৰু বক্সিং প্ৰশিক্ষক অজয় বাচফৰ উপস্থিত থাকে ৷

উল্লেখ্য যে বিগত সময়ত ওপৰ টেমেৰা অঞ্চলত বোকাখাত জিলা এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত আৰু সাংগঠনিক সম্পাদক দেৱ বৰুৱাৰ নেতৃত্বত বক্সিংৰ নিয়মিত প্ৰশিক্ষন চলি আছে ৷ এই প্ৰশিক্ষনত অঞ্চলটোৰ ৩৫ জনকৈ ছাত্ৰ ছাত্ৰীয়ে বক্সিংৰ প্ৰশিক্ষণ গ্ৰহন কৰি আছে ৷ বোকাখাত জিলা বক্সিং সন্থাৰ উদ্যোগত পৰৱৰ্তী সময়ত বোকাখাত, নুমলীগড় আৰু কমাৰগাওঁতো এনে প্ৰশিক্ষনৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে ৷

********