বোকাখাতৰ বৰভেটা গাওঁত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ সমন্বয়ক সভা অনুষ্ঠিত :
Aiidesh News : 25 December - 2024 :
বোকাখাতৰ বৰভেটা গাওঁত ২৪ ডিচেম্বৰত অসম চৰকাৰৰ বন আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণ প্ৰকল্প অধীনৰ প্ৰকল্প ৰূপায়ন সমৰ্থন অভিকৰণৰ উদ্যোগত গাওঁৰ সমুহীয়া ভৱন প্ৰংগনত বিভিন্ন বিভাগৰ প্ৰতিনিধিৰ উপস্থিতিত এক সমন্বয় সভা অনুষ্ঠিত হয় ৷ গাওঁ অগ্ৰণী ব্যক্তি লোকনাথ মুণ্ডাই পৰিচালনা কৰা সভাখনত বোকাখাতৰ মবকুমা কৃষি বিভাগৰ সহকাৰী উন্নয়ন বিষয়া বিচিত্ৰা হাতমোচা, মীন বিভাগৰ বিষয়া প্ৰশান্ত বৰা, কাজিৰঙা ৰষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সমাজ বিজ্ঞানী অনন্যা বৰগোঁহাই, পশু চিকিৎসা বিভাগৰ ক্ষেত্ৰ সহায়ক প্ৰবীন কুটুম, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সভাপতি মন্টু কৰ্মকাৰ, সচিব ৰোহন গগৈ, ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিৰ প্ৰৱন্ধক মনোজ শৰ্মা, পৰিবেশ কৰ্মী উত্তম শইকীয়াৰ উপৰিও গাওঁবাসীৰ লগতে ভাৰতীয় বন পৰিচালনা প্ৰতিষ্ঠানৰ দুগৰাকী গৱেষিকাও উপস্থিত থাকে ৷ সভাখনত বিভিন্ন বিভাগৰ সা-সুবিধা আৰু আঁচনি সমুহৰ আলোচনাৰ উপৰিও প্ৰায় শতাধিক লোকক বিভিন্ন আঁচনিৰ বাবে অন লাইন ৰেজিষ্ট্ৰেচন কৰা হয় ৷ সভাত গাওঁখনৰ সামগ্ৰিক সমস্যা সমুহৰ আলোচনা কৰাৰ উপৰিও সমাধানৰ ওপৰতো আলোচনা হয় ৷ প্ৰথম বাৰৰ বাবে গাওঁখনত আয়োজিত বিভিন্ন বিভাগৰ এনে সমন্বয়ক সভাৰ বাবে গাওঁবাসীয়ে প্ৰকল্প ৰূপায়ন সমৰ্থন অভিকৰণক ধন্যবাদ জ্ঞাপন কৰে ৷
********-