বোকাখাতত প্ৰয়াত গুনীন্দ্ৰ নাথ সোঁৱৰণী সদৌ অসম ভিত্তিত টি-২০ ক্ৰিকেট প্ৰতিযোগিতা : বোকাখাত চেলেঞ্জাৰ ক্লাৱ আৰু যোৰহাট টাইটানৰ মাজত চূড়ান্ত প্ৰতিযোগিতা : টাইটান চেম্পিয়ন :

বোকাখাতত প্ৰয়াত গুনীন্দ্ৰ নাথ সোঁৱৰণী সদৌ অসম ভিত্তিত টি-২০ ক্ৰিকেট প্ৰতিযোগিতা  : বোকাখাত চেলেঞ্জাৰ ক্লাৱ আৰু যোৰহাট টাইটানৰ মাজত চূড়ান্ত প্ৰতিযোগিতা  :  টাইটান চেম্পিয়ন  :
Aiidesh Photo

Aiidesh News  : 30 March 2023  : 

বোকাখাতৰ লিটল ষ্টাৰ ক্লাৱ আৰু কল্যাণপুৰ স্পৰ্টচ ক্লাৱৰ উদ্যোগত যোৱা ১২ মাৰ্চৰ পৰা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত চলি থকা বোকাখাতৰ বিশিষ্ট নাগৰিক প্ৰয়াত গুণীন্দ্ৰ নাথ ফুকন সোঁৱৰণী সদৌ অসম ভিত্তিত প্ৰাইজমনি টি-২০ ক্ৰিকেট প্রতিযোগিতাৰ যোৱা নিশা ফাইনেল খেল অনুষ্ঠিত হয় ৷

এই উপলক্ষে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত বোকাখাত জিলা ক্ৰীড়া সন্থাৰ বিশেষ সহযোগত আয়োজিত এক বিশেষ অনুষ্ঠানত বোকাখাত জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি দেৱ প্ৰদীপ বৰাৰই আনুষ্ঠানিক ভাৱে ফাইনেল খেলখন উদ্বোধন কৰে ৷ পৰৱৰ্তী সময়ত জাতীয় সংগীত পৰিৱেশন কৰি ফাইনেল খেলখন অনুষ্ঠিত হয় ৷ তীব্ৰ উত্তেজনাময় ক্ৰিকেট প্ৰতিযোগিতাৰ এই ফাইনেল খেলত ৰাণত যোৰহাটৰ টাইটান দলে বোকাখাতৰ চেলেঞ্জাৰ দলক পৰাভুত কৰি প্ৰয়াত গুণীন্দ্ৰ নাথ ফুকন সোঁৱৰণী সদৌ অসম ভিত্তিত প্ৰাইজমনি টি-২০ ক্ৰিকেট প্রতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে ৷ ফাইনেল প্ৰতিযোগিতাত মেন অৱ দ্যা মেচ খিতাপ দলৰ নিহাল ৰয়ে দখল কৰাৰ বিপৰীতে প্ৰতিযোগিতা খনিত যোৰহাট টাইটান দলৰ মহমদ কাঈফে শ্ৰেষ্ঠ বেটচ মেনৰ খিতাপ, বোকাখাত নাথগাওঁ দলৰ গুঞ্জন গগৈয়ে শ্ৰেষ্ঠ বলাৰৰ খিতাপ আৰু নাথগাওঁ দলৰে বিশ্বজিত হাজৰিকাই শ্ৰেষ্ঠ ফিল্ডাৰ আৰু ইচান আহমেড প্ৰতিযোগিতা খনৰ মেন অৱ দ্যা চিৰিজ খিতাপ দখল কৰে ৷ খেলৰ শেষত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত প্ৰয়াত গুণীন্দ্ৰ নাথ ফুকনৰ সুযোগ্য সন্তান তথা অসম ক্ৰীড়া আয়োগৰ উপাধ্যক্ষ আকাশ ফুকনে প্ৰতিযোগিতা স্থান লাভ কৰা দল আৰু খেলুৱৈক স্মাৰক বঁটা প্ৰদান কৰে ৷ 

উল্লেখ্য যে অত্যাধুনিক ভাৱে নিৰ্মান কৰা বোকাখাতৰ খেলপথাৰত প্ৰথম বাৰৰ বাবে ফ্লাড লাইটৰ পোহৰত আয়োজিত প্ৰয়াত গুণীন্দ্ৰ নাথ ফুকন সোঁৱৰণী সদৌ অসম ভিত্তিত প্ৰাইজমনি টি-২০ ক্ৰিকেট প্রতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ মুঠ ২৪ টা দলে অংশ গ্ৰহন কৰিছিল ৷

**********