লকডাউন প্রত্যাহাৰ নহ’য় ১৪ এপ্ৰিলত

লকডাউন প্রত্যাহাৰ নহ’য় ১৪ এপ্ৰিলত
লকডাউন প্রত্যাহাৰ নহ’য়

লকডাউন ১৪ এপ্রিলত একেবাৰতে প্রত্যাহাৰ কৰা নহ’ব৷ বিজেডিৰ পিনাকি মিশ্রই এই কথা কয়৷

কভিড-১৯ মহামাৰীৰ কাৰণে উদ্ভৱ হোৱা পৰিস্থিতি আৰু দেশখনত দ্রুত বিয়পি পৰা ভাইৰাছ নিয়ন্ত্রণৰ বাবে চৰকাৰে চলোৱা প্রচেষ্টাৰ বিষয়ে এই নেতাসকলৰ সৈতে আলোচনা কৰাৰ সময়ত মোদীয়ে এই কথা জানিবলৈ দিয়ে৷ ভিডিঅ’ কনফাৰেন্স যোগে প্রধানমন্ত্রীয়ে বিৰোধী নেতৃবর্গৰ সৈতে মত বিনিময় কৰে৷

বিজু জনতা দলৰ নেতা পিনাকি মিশ্রই পি টি আইক কয়, ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এইটো স্পষ্ট কৰি দিয়ে যে লকডাউন প্রত্যাহাৰ কৰা নহ’ব আৰু কৰ’নাৰ আগৰ আৰু কৰ’নাৰ পাছৰ জীৱন একে নহ’ব৷’ সভাত অংশগ্রহণ কৰা কিন্তু নাম প্রকাশত অনিচছুক আন এজন নেতাই কয় যে প্রধানমন্ত্রীয়ে তেওঁলোকক কয় যে তেওঁ মুখ্যমন্ত্রীসকলৰ সৈতেও আলোচনা কৰিব৷

ৰাজনৈতিক নেতাসকলক মোদীয়ে কয় যে দেশখনৰ বর্তমান পৰিস্থিতি এটা ‘সামাজিক জৰুৰী অৱস্থা’ৰ নিচিনা আৰু সেই কাৰণে কঠোৰ সিদ্ধান্ত কিছুমান ল’বলগীয়া হৈছে৷ প্রধানমন্ত্রীয়ে দৃঢ়তাৰে কয় যে তেওঁৰ চৰকাৰৰ অগ্রাধিকাৰ হ’ল ‘প্রতিটো আৰু প্রতিজনৰ জীৱন ৰক্ষা কৰা৷’ ভিডিঅ’ কনফাৰেন্স যোগে সংসদৰ বিৰোধী পক্ষৰ নেতাসকলৰ সৈতে হোৱা মত বিনিময়ত প্রধানমন্ত্রীয়ে কয়, ‘আমি সতর্ক হৈ থাকিব লাগিব... দেশখনৰ পৰিস্থিতি সামাজিক জৰুৰী অৱস্থাৰ নিচিনা... ইয়াৰ কাৰণে কিছুমান কঠোৰ সিদ্ধান্ত ল’বলগীয়া হৈছে আৰু আমি অনৱৰতে সতর্ক হৈ থাকিবই লাগিব৷’

সভাত অংশগ্রহণ কৰা নেতাসকলৰ ভিতৰত ৰাজ্য সভাত বিৰোধী পক্ষৰ নেতা গোলাম নবী আজাদ আৰু এন চি পিৰ সভাপতি শাৰদ পাৱাৰো আছিল৷ সূত্রসমূহে কয় যে এই নেতাসকলক স্বাস্থ্য, গৃহ আৰু গ্রাম্য উন্নয়ন আদিৰ দৰে বিভিন্ন মন্ত্র্যালয়ৰ সচিবসকলে কভিড-১৯ নিয়ন্ত্রণৰ বাবে আৰু লকডাউনৰ কাৰণে হোৱা সমস্যাবোৰ দূৰ কৰিবলৈ চৰকাৰে লোৱা ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰে৷

বিৰোধী পক্ষৰ ভালেমান নেতাই দেশখনত স্বাস্থ্য কর্মীসকলৰ বাবে পার্ছনেল প্রটেক্টিভ ইকুইপমেণ্টৰ (পি পি ই) নাটনিৰ বিষয়টো উত্থাপন কৰে আৰু আন কেইজনমান নেতাই পৰামর্শ দিয়ে যে নতুন সংসদ ভৱন নির্মাণ বাদ দিব লাগে৷ উল্লেখযোগ্য যে দেশত কৰ’না ভাইৰাছ দ্রুতগতিত বিয়পি পৰাৰ কাৰণে আৰু পজিটিভ কে’ছ কমাৰ কোনো চিন দেখিবলৈ নোপোৱাৰ বাবে লকডাউন ১৪ এপ্রিলৰ পাছলৈ বৃদ্ধি কৰিব লাগে বুলি কেইবাখনো ৰাজ্যই পৰামর্শ দিয়াৰ কাৰণে লকডাউনৰ ম্যাদ বৃদ্ধি কৰা হ’ব পাৰে বুলি ইংগিত পোৱাৰ মাজতে আজি এই বৈঠকখন আহবান কৰা হয়৷

আজি পুৱা কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে প্রকাশ কৰা তথ্য মতে দেশখনত কভিড-১৯ত ৫১৯৪ জন লোক আক্রান্ত হৈছে আৰু ১৪৯জনৰ মৃত্যু হৈছে৷ ইফালে ৰাষ্ট্রজোৰা লকডাউনে আজি তৃতীয় সপ্তাহত ভৰি দিলে৷ আন এটা বাতৰি মতে, প্রধানমন্ত্রীয়ে কৰ’না ভাইৰাছৰ পৰিস্থিতিৰ বিষয়ে আৰু লকডাউনৰ বিষয়ে ১১ এপ্রিলত সকলো ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে মত বিনিময় কৰিব৷

গোলাম নবী আজাদে পাছত কয় যে সভাত প্রধানমন্ত্রীয়ে জনায় যে লকডাউনৰ ম্যাদ বৃদ্ধিৰ বাবে তেওঁ বহু অনুৰোধ পাইছে আৰু বিশেষজ্ঞসকল আৰু মুখ্যমন্ত্রীসকলৰ সৈতে আলোচনা কৰাৰ পাছতহে এই বিষয়ে সিদ্ধান্ত ল’ব৷ কংগ্রেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে কৰ’না ভাইৰাছ বিয়পি পৰাটো নিয়ন্ত্রণ কৰিবলৈ চৰকাৰে ১৪ এপ্রিলৰ পাছলৈ লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷