কাজিৰঙাৰ তৃৰ্ণভুমি চৰাইৰ ওপৰত কৰা সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ : ৪৩ টা প্ৰজাতিৰ তৃৰ্ণভুমি চৰাইৰ উপস্থিতিৰে কাজিৰঙা দেশ ভিতৰতে অন্যতম বুলি প্ৰতিবেদনত প্ৰকাশ :
Aiidesh News : 18 July - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰি প্ৰকাশ কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ তৃৰ্ণভুমিত সমুহত বসবাস কৰা চৰাইৰ এক বিস্তৃত প্ৰতিবেদন ৷ এই প্ৰতিবেদনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্র সংৰক্ষিত বনাঞ্চলত থকা মুঠ ৪৩ টা প্ৰজাতিৰ তৃৰ্ণভুমিৰ চৰাই নথিভুক্ত কৰা হৈছে । ইয়াৰ ভিতৰত বেংগল ফ্লৰিকান, ফিনচ উইভাৰ, চোৱাম্প গ্ৰাছ বাবলাৰ, জেৰডন বাবলাৰ, স্লিন্ডাৰ বিলড বাবলাৰ, ব্লেক ব্ৰেচটেড পেৰ’ট বিল, মাৰ্চ বাবলাৰ, ব্ৰিষ্টেলড গ্ৰাছ বাৰ্ড আৰু ইণ্ডিয়ান গ্ৰাছবাৰ্ড অন্যতম ৷
উত্তৰ-পূব ভাৰতৰ বন্যপ্রাণী সংৰক্ষণৰ গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চলে আনুষ্ঠানিকভাৱে প্রথমবাৰৰ বাবে তৃৰ্ণভুমিত বসবাস কৰা চৰাইৰ বিভাগীয় প্রতিবেদন প্রকাশ কৰিবলৈ সক্ষম হৈছে । এই প্ৰতিবেদনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃত তৃৰ্ণভুমিবোৰত বসবাস কৰা ১ টা বিপন্নপ্ৰায় প্ৰজাতিৰ, ২ টা বিপদাগ্ৰস্ত প্ৰজাতিৰ আৰু ৬ টা সংকটাপন্ন প্রজাতিৰ চৰাই পোৱা বুলি উল্লেখ কৰিছে কৰ্তৃপক্ষই ৷ যাৰ বাবে ভাৰতৰ ভিতৰত তৃৰ্ণভুমিৰ চৰাইৰ বৈচিত্ৰতাৰ ক্ষেত্ৰত কাজিৰঙা অন্যতম বুলি সম্প্ৰতি প্ৰমানিত কৰিছে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষই প্ৰকাশ কৰা তৃৰ্ণ ভুমি চৰাইৰ এই বিভাগীয় প্ৰতিবেদন ব্ৰহ্মপুত্ৰ নদীৰ প্লাৱিত উপত্যকাৰ প্ৰসাৰিত ঘাঁহনিত বাসকৰা প্ৰায় বোৰ চৰাইৰ প্ৰজাতি নথিভুক্ত কৰি চৰাই প্ৰজাতি আৰু এই চৰাই বোৰৰ আৱাস সুৰক্ষাৰ ক্ষেত্রত এক উল্লেখযোগ্য পদক্ষেপ হিচাবে চিহ্নিত হৈছে । বিভাগীয় তথ্য মতে এই প্ৰকাশিত প্ৰতিবেদনৰ বাবে তৃৰ্ণভুমি চৰাইৰ ওপৰত চলিত বৰ্ষৰ ১৮ মাৰ্চৰ পৰা ২৫ মে'লৈকে চলোৱা এক সমীক্ষাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল,বিশ্বনাথ বন সংমণ্ডল আৰু নগাঁও বন্যপ্রাণী সংমণ্ডলৰ ঘাঁহনি সমুহক সামৰা হৈছিল।
এই সমীক্ষাৰ বাবে পইন্ট কাউন্ট জৰীপ আৰু একুৱাষ্টি মনিটৰিং পদ্ধতি ব্যৱহাৰ কৰিছিল গণনাকাৰী দলে ৷ এই সমীক্ষাৰ প্রতিবেদনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা তৃৰ্ণভুমি চৰাইৰ কেইবাটাও গুৰুত্বপূৰ্ণ বাসস্থান চিনাক্ত কৰা হৈছে ৷ সমীক্ষাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলত তৃনভুমি চৰাই ফিনছ ৱেভাৰৰ এটা প্ৰজনন স্থান পোৱা গৈছে ৷ এই প্ৰজনন ক্ষেত্ৰৰ পৰা তৃৰ্ণ ভুমি চৰাই কেন্দ্রীভূত বাসস্থানৰ উপযুক্ত সুৰক্ষা আৰু ব্যৱস্থাপনাৰ প্রয়োজনীয়তাক আৰু অধিক শক্তিশালী কৰাত সহায় কৰিব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে ড৹ সোনালী ঘোষে জনোৱা মতে এই তৃৰ্ণভুমি চৰাইৰ এই বিশেষ সমীক্ষাৰ নেতৃত্বত আছিল ভাৰতৰ বিখ্যাত পক্ষীবিদ ড৹ আচাদ আৰ ৰহমানী আৰু অসমৰ বিখ্যাত পক্ষী বিশেষজ্ঞ, প্ৰশাসনিক বিষয়া ড৹ আনোৱাৰ উদ্দিন চৌধুৰী । দলটোত আছিল ড৹ উদয়ন বৰঠাকুৰ, ড৹ চিৰঞ্জিত ওজা, ড৹ শ্যামল শইকীয়া, বিভাগীয় জীৱ বিজ্ঞানী হীনা ব্রহ্ম, ড৹ লিয়ন্স মেথিউ আব্রাহাম, সুজান চেটার্জী, অবিদুৰ ৰহমানৰ উপৰিও বন বিষয়া আৰু বনকৰ্মী সকল ৷
উল্লেখ্য যে ১১জুলাইত কাজিৰঙাত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ৰাজ্যৰ বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কাজিৰঙাৰ তৃৰ্ণ ভুমি চৰাইৰ এই প্ৰতিবেদন আনুষ্ঠানিক ভাৱে উন্মোচন কৰিছিল ৷
********