কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত নৱ গঠিত আঞ্চলিক গন মৰ্চাৰ ৰণশিঙা : ৰাজ্যৰ পৰা বিজেপি-মিত্ৰজোঁটক ওফৰাবলৈ সাংসদ অজিত কুমাৰ ভূঞাৰ আহ্বান :

কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত নৱ গঠিত আঞ্চলিক গন মৰ্চাৰ ৰণশিঙা : ৰাজ্যৰ পৰা বিজেপি-মিত্ৰজোঁটক ওফৰাবলৈ সাংসদ অজিত কুমাৰ ভূঞাৰ আহ্বান :
Photo : Uttam Saikia

কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত নৱ গঠিত আঞ্চলিক গন মৰ্চাৰ ৰণশিঙা : ৰাজ্যৰ পৰা বিজেপি-মিত্ৰজোঁটক ওফৰাবলৈ সাংসদ অজিত কুমাৰ ভূঞাৰ আহ্বান : 


AIIDESH NEWS. 30 July :


বিজেপি আৰু মিত্ৰজোঁটক উফৰাই ৰাজ্যত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ সংকল্পৰে আজি বোকাখাতত আগন্তুক ২০২১ ৰ বিধান সভা নিৰ্বাচনৰ ৰণশিঙা বজায় নৱ গঠিত আঞ্চলিক গণ মৰ্চাই ৷ আঞ্চলিক গণ মৰ্চাৰ আহ্বায়ক তথা সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত অহা এটা দলে বৃহস্পতি বাৰে বোকাখাত নাট্য মন্দিৰত বোকাখাতৰ বিভিন্ন জাতীয়-ৰাজনৈতিক দল, সংগঠন আৰু সচেতন ৰাইজৰ স'তে আলোচনাত মিলিত হয় ৷ 
আঞ্চলিকতাবাদৰ নেতৃত্ব দি অগপক বিজেপিৰ নেগুৰলৈ পৰিণত কৰা অসম গন পৰিষদৰ সভাপতি তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই শাসনৰ গাদী দখল কৰি কেৱল লুণ্ঠনৰাজহে চলাইছে ৷ বোকাখাতৰ জনগণৰ কোনো সমস্যাৰ সমাধান নকৰি কেৱল নিজে টনকিয়াল হোৱা আৰু ভোটৰ ৰাজনীতিত মত্ত হৈ থকা অতুল বৰাক জনগনৰ সৈতে কৰা বিশ্বাসঘাতকতাৰ উচিত প্ৰত্যুত্তৰ  দিবৰ বাবে চিন্তা কৰা হৈছে , বৃহস্পতি বাৰৰ দিনা বোকাখাতত এই দৰে কয় আঞ্চলিক গণ মৰ্চাৰ আহ্বায়ক তথা সাংসদ অজিত কুমাৰ ভূঞাই ৷
অসমৰ অন্যতম সংস্কৃতিবান স্থান বোকাখাতৰ পৰা অতুল বৰাক পুলিয়ে পোখাই উভালি সুস্থ আঞ্চলিকতাবাদ গঢ়াৰ বাবেই বোকাখাতত আজিৰ আলোচনা বুলি  অজিত কুমাৰ ভূঞাই মন্তব্য কৰে ৷ এই আলোচনাত সাংসদ অজিত ভূঞাই কয় যে জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি নেতৃত্বতাধীন চৰকাৰখনে অসমৰ জনতাক প্ৰতি মুহূৰ্ততে প্ৰতাৰণা কৰি আহিছে ৷ যাৰ বাবে ৰাইজৰ স'তে বিশ্বাসঘাতকতা কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বৰ এই চৰকাৰখনক ওফৰাবলৈ ৰাজ্যৰ  জনসাধাৰণক আহ্বান জনায় সাংসদ অজিত ভুঞাই ৷ আঞ্চলিকতাবাদৰ স্বাৰ্থত, জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত কাম কৰা নিষ্ঠাবান অগপ-বিজেপিৰ কৰ্মীসকলক আঞ্চলিক গণ মৰ্চাত যোগদান কৰিবলৈয়ো আহ্বান জনায় অজিত ভুঞাই  ৷ আনহাতে, বিজেপিয়ে কৰ’ণাৰ নামত ৰাজনীতি কৰি সকলোকে ঘৰত আবদ্ধ কৰি ৰখাৰ যি পৰিকল্পনা কৰিছিল, সেয়া ইতিমধ্যেই ফাদিল হৈছে বুলি উল্লেখ কৰি সাংসদ অজিত ভূঞাই দুৰ্নীতিগ্ৰস্ত বিজেপিৰ বিৰুদ্ধে সকলোকে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায় ৷
কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত আঞ্চলিক গণ মৰ্চাৰ বৃহস্পতি বাৰৰ আলোচনা অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ৷ কৃৃৃৃষক নেতা সোণেশ্বৰ নৰহে উদ্দেশ্য ব্যাখ্যা কৰা এই অনুষ্ঠানত সাংসদ অজিত কুমাৰ ভূঞাৰ উপৰিও সাংবাদিক মনজিৎ মহন্ত, বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰ, হলিৰাম টেৰাঙ উপস্থিত থাকে ৷ আলোচনাত  অংশ লৈ সাংবাদিক মনজিত মহন্তই অসমত আঞ্চলিকতাবাদক পুনৰ উদ্ধাৰ আৰু শক্তিশালী কৰাৰ স্বাৰ্থতেই আঞ্চলিক গণ মৰ্চা গঠন কৰা হৈছে বুলি মন্তব্য কৰাৰ লগতে অনাগত নিৰ্বাচনৰ বাবে ৰাজ্যৰ বহুকেইটা সংগঠন আৰু ৰাজনৈতিক দলে আঞ্চলিক গণ মৰ্চাক সমৰ্থন জনাইছে বুলিও মন্তব্য কৰে ৷ উল্লেখযোগ্য যে, কা বিৰোধী ঐক্য মঞ্চয়েও আঞ্চলিক গণ মৰ্চাক নিৰ্বাচনী যুঁজত সমৰ্থন দিয়া বুলিও  আঞ্চলিক গণ মৰ্চাৰ প্ৰতিনিধি দলে জানিবলৈ দিয়ে ।  মত বিনিময় অনুষ্ঠানটোত ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চ, জীপাল কৃষক-শ্ৰমিক সংঘ, আম আদমী পাৰ্টি, অনুসূচিত জাতি ছাত্ৰ সংস্থা, ভাৰতীয় কমিউনিষ্ট পাৰটী, বোকাখাত সাংবাদিক সংন্থাৰ লগতে ভালে কেইটা দল সংগঠনে অংশ গ্ৰহন কৰে ৷ মত বিনিময়ত অংশ লৈ জীপাল কৃষক শ্ৰমিক সংঘৰ  প্ৰণৱ দলেই বোকাখাতৰ ৰাজনীতিৰ পৰা কৃষি মন্ত্ৰী অতুল বৰাক ওফৰোৱাৰ স্বাৰ্থত সকলো পক্ষকে একত্ৰিত হ'বৰ বাবে আহ্বান জনায় ৷