মফচলীয় সাংবাদিকৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক আপ্কুৰ স্মাৰক পত্ৰ প্ৰদান : সাংবাদিকৰ জীৱন বীমা আঁচনি ৰূপায়নত মুখ্যমন্ত্ৰীৰ সঁহাৰি :
Aiidesh News : 29 November - 2024 :
অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ জীৱন বীমা আঁচনি ৰূপায়নত শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইতিবাচক সঁহাৰি জনাইছে ৷ উল্লেখ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ বিত্ত মন্ত্ৰী হৈ থকা সময়চোৱাত ৰাজ্যখনৰ চৰকাৰী চাকৰি বিহীন সাংবাদিকসলৰ জীৱন আৰু আৰ্থিক নিৰাপত্তাৰ কথা অনুভৱ কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বাজেটৰ ভাষণত প্ৰতিবছৰে এককালীন সাহাৰ্য প্ৰদান কৰা আৰু জীৱন বীমা আঁচনিৰ অধীনত অন্তৰ্ভূক্ত কৰাৰ কথা সদৰি কৰিছিল ৷ শেহতীয়াকৈ ২৮ নবেম্বৰত অসমৰ চৰকাৰী চাকৰি বিহীন সাংবাদিকসলৰ একমাত্ৰ সংগ্ৰামী মঞ্চ তথা অসম চৰকাৰৰ শ্ৰম আয়ুক্তালয়ৰ পঞ্জীয়নৰ্ভূক্ত সাংবাদিক সংগঠন ‘আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ্ ইউনিয়ন’ চমুকৈ ‘আপ্কু’ৰ এটি প্ৰতিনিধি দলে এই বিষয়টো পুনৰবাৰ মুখ্যমন্ত্ৰীক এক স্মাৰক পত্ৰযোগে দৃষ্টিগোচৰ কৰোৱাত তেখেতে ইতিবাচক সঁহাৰি প্ৰদান কৰাৰ লগতে সমগ্ৰ বিষয়টো ভালদৰে অধ্যয়ন কৰি শীঘ্ৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণৰ ইংগিত প্ৰদান কৰে ৷
আপ্কুৰ সম্পাদক প্ৰধান শৰৎ শেনছোৱাই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত উল্লেখ কৰা মতে যোৱা নিশা আপকুৰ সভাপতি স্বপন কুমাৰ ৰাভা, কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য, উপ-সভাপতি ৰতন কলিতা, সম্পাদক প্ৰধান আৰু কামৰূপ জিলা সমিতিৰ সম্পাদক নীৰেন চন্দ্ৰ মালীয়ে মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰে ৷ আৰম্ভণিতে ৰাজ্যখনৰ বিগত বিধানসভা নিৰ্বাচনত ঐতিহ্যমণ্ডিত জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি অসমৰ পঞ্চদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে অসম মাতৃক সেৱা আগবঢ়াবলৈ সুযোগ লাভ কৰা ড॰ হিমন্ত বিশ্ব শৰ্মাক আপকুৰ তৰফৰ পৰা ফুলাম গামোছা, স্মাৰক, অভিনন্দন পত্ৰ আৰু সংঠনটোৱে প্ৰকাশ কৰি উলিওৱা দুখন স্মাৰক গ্ৰন্থৰে সম্বৰধনা জ্ঞাপন কৰে ৷ সাক্ষাৎকালত অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ৰাজ্যখনৰ চৰকাৰী চাকৰিবিহীন মফচলীয় সাংবাদিকসকলৰ ভালেকেইটা গুৰুত্বপূৰ্ণ সমস্যা সম্বলিত এক স্মাৰক পত্ৰও প্ৰদান কৰে ৷
মুখ্যমন্ত্ৰীক প্ৰদান কৰা স্মাৰক পত্ৰত মতে গুৱাহাটীৰ মহানগৰৰ আশে-পাশে ‘আপ্কু’ৰ এটা স্থায়ী কেন্দ্ৰীয় কাৰ্যালয় নিৰ্মাণৰ বাবে অতি কমেও ৩ কঠা চৰকাৰী ভূমি আবণ্টন দিয়াৰ লগতে সংগঠনটোৰ কাৰ্যলয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় পুঁজি মোকলাই দিয়া, বি.টি.আৰ. প্ৰশাসনৰ দৰে অসম চৰকাৰেও ৰাজ্যখনৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সংবাদকৰ্মীসকলৰ জীৱন আৰু আৰ্থিক নিৰাপত্তা সুনিশ্চিত হোৱাকৈ ‘সাংবাদিকৰ জীৱন বীমা’ আঁচনি প্ৰৱৰ্তন কৰা, আগন্তুক ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব লগা অসম বিধান সভাৰ বাজেট অধিৱেশনত দাখিল কৰিবলগীয়া ২০২৫-২৬বৰ্ষৰ বিত্তীয় বাজেটত‘ মফচলীয় সাংবাদিকৰ এককালীন সাহাৰ্য’ আৰু ‘সাংবাদিকৰ জীৱন বীমা আঁচনি’ৰ বাবে প্ৰয়োজনীয় ধন ধাৰ্য কৰা, অৱসৰী সাংবাদিকৰ পেঞ্চনৰ ধন মাহিলী ৮ হেজাৰ টকাৰ পৰিৱৰ্তে ২০ হেজাৰ টকালৈ বৃদ্ধি কৰা, প্ৰতিবছৰে ৰাজ্যখনৰ অতি কমেও মাত্ৰ ৪০ গৰাকী সাংবাদিকক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সংবাদিক অথবা সংশিষ্ট সংবাদিকগৰাকীৰ পৰিয়ালৰ কোনো লোকৰ গুৰুতৰ অসুখ নাইবা দুৰ্ঘটনাজনিত কাৰণত চিকিৎসালয়ত চিকিৎসা গ্ৰহণৰ নামত ব্যয় হোৱা সম্পূৰ্ণ ধন মোকলাই দিয়া, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সংবাদকৰ্মীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় হোৱাকৈ ‘ আয়ুষ্মান কাৰ্ড’ প্ৰদানৰ ব্যৱস্থা কৰা আৰু এই কাৰ্ডৰ সহায়ত চৰকাৰী, বেচৰকাৰী খণ্ডৰ সংশ্লিষ্ট চিকিৎসালয়সমূহত সকলো ৰোগৰ চিকিৎসা কৰাৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা, অসমৰ সংবাদকৰ্মীসকলক উপযুক্ত যোগ্যতাৰ ভিত্তিত মিডিয়া ফেলশ্বিপ প্ৰদানৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা, পূৰ্বৰ চৰকাৰে ৰূপায়ন কৰা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত গ্ৰাম্য সাংবাদিকৰ চুবুৰীয়া ৰাজ্য ভ্ৰমণ আঁচনিখন পুনৰ প্ৰৱৰ্তন কৰা, বিগত বহু বছৰ ধৰি অসংশোধিত ৰূপত চলি থকা অসম চৰকাৰ তথা অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিজ্ঞাপনৰ নিৰিখ পুনৰ সংশোধন কৰাৰ লগতে সংশ্লিষ্ট সংবাদ প্ৰতিষ্ঠানসমূহে তথ্য আৰু জনসংযোগ বিভাগৰ পৰা বিজ্ঞাপনৰ বাবদ যি অনাদায় ধন পাব লগা আছে সেই, সেই ধন অনতি বিলম্বে মোকলাই দিয়াকে আদি কৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে আপ্কুৰ প্ৰতিনিধি দলটোৱে আহ্বান জনায় ৷ আনহাতে আপকুৰ প্ৰতিনিধি দলটোৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই বিগত কেইমাহমানৰ পৰা শাৰিৰীক ভাৱে অসুস্থ হৈ থকা আপকুৰ মুখ্য উপদেষ্টা তথা আমাৰ অসম কাকতৰ মঙ্গলদৈৰ প্ৰতিনিধি ম: আব্দুল খালেকলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ২৫ হেজাৰ টকাৰ চেক আগবঢ়োৱাৰ লগতে সাংবাদিক গৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰে।
***********