ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৱদ্ধ কৃষি মন্ত্ৰী অতুল বৰাৰ নাঁও :

ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৱদ্ধ কৃষি মন্ত্ৰী অতুল বৰাৰ নাঁও :
Photo : Uttam Saikia
ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৱদ্ধ কৃষি মন্ত্ৰী অতুল বৰাৰ নাঁও :

ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৱদ্ধ কৃষি মন্ত্ৰী অতুল বৰাৰ নাঁও :


AIIDESH NEWS. 25 July : 

 

বোকাখাতৰ সমষ্টিৰ দিচৈং পঞ্চায়তৰ লহৰে চাপৰিলৈ বানসাহাৰ্য আৰু বান পৰিস্থিতিৰ বুজ লবলৈ শুক্ৰবাৰৰ দিনা গৈছিল কৃষি মন্ত্ৰী অতুল বৰা ৷ বাৰিষাৰ বানত ওফন্দি থকা ব্ৰহ্মপুত্ৰৰ বুকুত যন্ত্ৰ চালিত নাঁৱেৰে লহৰে চাপৰিলৈ গৈছিল মন্ত্ৰী গৰাকী ৷ তেওঁৰ লগত অসম গন পৰিষদ দলৰ বোকাখাত জিলাৰ সভাপতি জগত কলিতাৰ উপৰিও ভালেমান বিষয় ববীয়া আৰু বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া মানস নাথ আৰু বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্ত ও গৈছিল ৷ যন্ত্ৰ চালিত নাঁৱেৰে গৈ লহৰে চাপৰিত উপস্থিত হৈছিল অতুল বৰা ৷ লহৰে চাপৰিৰ বানাৰ্ত ৰাইজৰ মাজত বান সাহাৰ্য বিতৰন কৰি পৰিস্থিতিৰ বুজ লৈ লহৰে চাপৰিৰ পৰা বিয়লি ওভটি অাহিছিল তেওঁ  ৷ কানিমুনি সময়ত ওভন্দি থকা ব্ৰহ্মপুত্ৰৰ বুকুত ওভটি আহোতে এটা বালি চৰত আৱদ্ধ হয় অতুল বৰাৰ নাওঁ ৷ ইতিমধ্যে আন্ধাৰ নামি আহিছিল ৷ বান পানীৰ মাজত বালিচৰতে বহু সময় আৱদ্ধ হৈ পৰিব লগা হয় কৃষি মন্ত্ৰীৰ নাওঁ ৷ দীৰ্ঘ সময় ধৰি নাওঁৰ যাত্ৰী আৰু নাৱৰীয়াই চলোৱা প্ৰচেষ্টাত বালিচৰৰ পৰা মুকলি হয় অতুল বৰাৰ নাওঁ ৷ ৰাতিৰ আন্ধাৰৰ মাজেৰে ভৰা লুইতেৰে ভটিয়াই আহি বহু পলমকৈ কুৰুৱাবাহীৰ নিকৰিঘাটত নাওঁ চপাবলৈ সক্ষম হয় অতুল বৰাই ৷ ইফালে ব্ৰহ্মপুত্ৰৰ বুকুত অতুল বৰাৰ নাওঁ আৱদ্ধ হোৱাৰ খবৰ বিয়পি পৰাৰ বাবে সমগ্ৰ বোকাখাততে সাঞ্চল্যৰ সৃষ্টি হয় ৷ বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম আৰু আৰক্ষীৰ দল গৈ নিকৰিঘাটত উপস্থিত হয় ৷ অৱশেষত নিশা ৯ মান বজাত নিকৰিঘাটত সুকলমে কৃষি মন্ত্ৰী অতুল বৰাৰ নাওঁ ওলায়হি ৷ এক শ্বাসৰুদ্ধ ঘটনাৰ সামৰণি পৰে ৷