বোকাখাতত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় ক্ৰীড়া সমাৰোহৰ সামৰণি : হাওৰাঘাটলৈ শ্ৰেষ্ঠ দলৰ খিতাপ :

বোকাখাতত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় ক্ৰীড়া সমাৰোহৰ সামৰণি  : হাওৰাঘাটলৈ শ্ৰেষ্ঠ দলৰ খিতাপ  :
Aiidesh Photo
বোকাখাতত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় ক্ৰীড়া সমাৰোহৰ সামৰণি  : হাওৰাঘাটলৈ শ্ৰেষ্ঠ দলৰ খিতাপ  :

Aiidesh News :  26 December - 2023  :

উত্তৰ-পূব ভাৰতৰ সর্ববৃহৎ ধর্মীয়, সামাজিক, সাহিত্য-সংস্কৃতি আৰু শৈক্ষিক অনুষ্ঠান শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ শিক্ষা শাখা সমিতিৰ উদ্যোগত, কেন্দ্ৰীয় সেৱা বাহিনীৰ সহযোগত আৰু বোকাখাত জিলা শাখাৰ আতিথ্যত বোকাখাত ৰাজহুৱা খেলপথাৰত যোৱা ২৩, ২৪ আৰু ২৫ ডিচেম্বৰত বোকাখাত ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত হৈ যায় ৷ শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ শিক্ষা শাখা সমিতিৰ দ্বাৰা পৰিচালিত অসমৰ ৫৪ খন শ্রীমন্ত শঙ্কৰদেৱ বিদ্যালয়ৰ ছাত্র-ছাত্রীক সামৰি অনুষ্ঠিত ৩ দিনীয়া প্রথম বার্ষিক এই কেন্দ্রীয় ক্রীড়া সমাৰোহৰ ২৫ ডিচেম্বৰত সামৰণি পৰে । 

২৩ ডিচেম্বৰত নাম প্ৰসংগৰ লগতে মূল তোৰণ উন্মোচন, শিবিৰ উন্মোচন, খেল পৰিচালক সকলৰ সভা, দল পৰিচালক আৰু খেল পৰিচালক সকলৰ যুটীয়া সভা অনুষ্ঠিত হয় ৷ ২৪ ডিচেম্বৰত নাম প্ৰসংগ, পতাকা উত্তোলন, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাৰ্চ পাষ্ট, প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠান, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৱেবচাইট মুকলিৰ আৰু অপূৰ্ব হাজৰিকাৰ সম্পাদনাত পত্ৰিকা 'ক্ৰীড়াংগন'ৰ উন্মোচন কৰাৰ লগতে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ২৫ ডিচেম্বৰত নাম প্ৰসংগ আৰু ক্ৰীড়া প্ৰতিযোগিতাৰ পাছতে ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় । 

ক্ৰীড়া সমাৰোহখনি ১৪ বছৰৰ অনুৰ্দ্ধ আৰু ১৬ বছৰৰ অনুৰ্দ্ধ দুয়োটি শাখাত অনুষ্ঠিত হৈছিল । দুয়োটি শাখা সামৰি হাওৰাঘাটে শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ফেউৰাখোৱা ২য় শ্ৰেষ্ঠ আৰু ২নং শান্তিপুৰে ৩য় শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে । ১৪ বছৰৰ অনুৰ্দ্ধ শাখাত ফেউৰাখোৱা আৰু ১৬ বছৰৰ অনুৰ্দ্ধ শাখাত হাওৰাঘাটে শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে । ১৪ বছৰৰ অনুৰ্দ্ধ ল'ৰাৰ শাখাত হাওৰাঘাট আৰু ছোৱালীৰ শাখাত ফেউৰাখোৱাই শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰাৰ লগতে ১৬ বছৰৰ অনুৰ্দ্ধ ল'ৰাৰ শাখাত মাজগাওঁ আৰু ছোৱালীৰ শাখাত ২নং শান্তিপুৰে শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে । মাৰ্চ পাষ্টত হাওৰাঘাট শ্ৰেষ্ঠ, বোকাখাত ২য় শ্ৰেষ্ঠ আৰু ঢকুৱাখানাই ৩য় শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে । শ্ৰেষ্ঠ শৃংখলাৱদ্ধ দলৰ খিতাপ অৰ্জন কৰে কোকৰাঝাৰৰ দেৱীতোলাই । শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ এই ক্ৰীড়া সমাৰোহত ৫৪ খন শ্রীমন্ত শঙ্কৰদেৱ বিদ্যালয়ৰ সৰ্বমুঠ ৩৯০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল বুলি উদ্যোক্তাৰ তৰফৰ অৱগত কৰে ।

********