শিৱসাগৰত জলসম্পদ মন্ত্রী কেশব মহন্ত:বান পৰিস্থিতিৰ পৰ্যালোচনা:ভগ্ন মথাউৰি নিৰ্মাণৰ নিৰ্দেশ

শিৱসাগৰত জলসম্পদ মন্ত্রী কেশব মহন্ত:বান পৰিস্থিতিৰ পৰ্যালোচনা:ভগ্ন মথাউৰি নিৰ্মাণৰ নিৰ্দেশ

শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ জিলাৰ বিভিন্ন বান বিধস্ত অঞ্চল কালি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰে।মহন্তই শিৱসাগৰ নগৰৰ সমীপৰ চেৰেকপাৰ হাতীমুৰীয়া গাঁও,মেটেকা,দিছিয়াল আদিকে ধৰি কেইবাটাও বান বিধ্বস্ত অঞ্চল পৰিভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়।ইয়াৰ পূৰ্বে মহন্তই জিলাখনৰ ডিমৌৰ বিভাগীয় কার্যালয়ত উপস্থিতহৈ  দিচাং নৈৰ বান-খহনীয়া আক্রান্ত
৪৫ কিলােমিটাৰ দৈর্ঘ্যৰ  মথাউৰি মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে।শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বাণ পৰিস্থিতিৰ বুজ লোৱাৰ পাছত মহন্তই বলিয়াঘাট,জাঁজী আদি অঞ্চলো পৰিভ্ৰমণ কৰে।

মন্ত্ৰী গৰাকীৰ সৈতে জিলা উপায়ুক্ত লক্ষী নন্দন গগৈ,বিভাগীয় বিষয়া কৰ্মচাৰী আদিৰ লগতে বি জে পি আৰু অসম গণ পৰিষদ দলৰ ভালেমান নেতা কৰ্মী উপস্থিত থাকে।।