বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল :

বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল  :
Aiidesh photo
বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল  :
বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল  :

বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চল  : 

Aiidesh News :  29 October  :


বিশ্বৰ পৰ্যটকৰ বাবে আজি মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চল ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ পুৱ বনাঞ্চল হিচাবে পৰিচিত অগৰাতলিত শুক্ৰবাৰে পুৱা আয়োজিত এক বিশেষ অনুষ্ঠানত উদ্যানৰ প্ৰৱেশ দ্বাৰৰ ফিটা কাটি আনুষ্ঠানিক ভাৱে মুকলি কৰে বোকাখাতৰ মহকুমাধিপতি ডা৹ নেহা যাদৱে ৷ ফিটা কটাৰ প্ৰাক ক্ষণত নাৰিকল ভাঙে মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাই ৷


অগৰাতলি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰত আয়েজিত এই বিশেষ অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ, ডি এফ অ' ৰমেশ কুমাৰ গগৈ, বন সংৰক্ষক বৈভৱ মাথুৰ, উপ বন সংৰক্ষক খৰ্গসিং ডেকাৰজা, প্ৰদীপ কুমাৰ বৰ্মা, সহকাৰী বন সংৰক্ষক নয়নজ্যোতি ৰাজবংশী, অতিৰিক্ত আৰক্ষী অধীক্ষক দীপজ্যোতি নাথ,বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰা, অগৰাতলি জীপ চাফাৰী সন্থাৰ সভাপতি অনিমেষ শইকীয়াৰ লগতে জীপ চাফাৰীৰ সদস্য,  বনকৰ্মী ,স্থানীয় লোক আৰু ভালে সংখ্যক পৰ্যটক উপস্থিত থাকে ৷


অনুষ্ঠানত ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে উপস্থিত সকলোকে অগৰাতলি বনাঞ্চললৈ আদৰণি জনোৱাৰ লগতে সঞ্চালক পি শিৱকুমাৰে বিশ্বৰ পৰ্যটকৰ সুবিধাৰ্থে কাজিৰঙাৰ কৰ্তৃপক্ষই হাতত লোৱা বিভিন্ন অভিলাষী আঁচনিৰ বিষয়ে অৱগত কৰাৰ উপৰিও কভিড'ৰ দুটা ভেকচিন গ্ৰহন কৰা পৰ্যটকহে কাজিৰঙাত প্ৰৱেশ কৰা পৰামৰ্শ দিয়ে ৷ ক'ভিডৰ পট'কলৰ মাজতো চলিত পৰ্যটনৰ আৰম্ভনীতে কাজিৰঙাত পৰ্যটকৰ সহাঁৰি আশাপদ বুলি মন্তব্য কৰে সঞ্চালক গৰাকীয়ে ৷ নিজৰ ভাষণ প্ৰসংগত অগৰাতলি জীপ চাফাৰী সন্থাৰ সভাপতি অনিমেষ শইকীয়াই কাজিৰঙাৰ বাকী বনাঞ্চল সমুহৰ লগত একে সময়তে অগৰাতলি বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰিবলৈ উদ্যান কৰ্তৃপক্ষক অনুৰোধ জনায় ৷ 


আজি পৰ্যটকৰ বাবে দ্বাৰ মুকলি হোৱাৰ পিচতেই ভালে সংখ্যক পৰ্যটকৰ লগতে আমেৰিকাৰ দুগৰাকী প্ৰৱাসী ভাৰতীয়ও অগৰাতলি বনাঞ্চল দৰ্শন কৰে ৷ পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত অগৰাতলি বনাঞ্চলত পৰ্যটকৰ বাবে কেৱল জীপ চাফাৰীৰহে ব্যৱস্থা আছে ৷ বাৰিষাৰ পিচত পথ নিৰ্মান সম্পুৰ্ণ নোহোৱাৰ বাবে অগৰাতলিৰ ৰঙামতীয়া বনশিৱিৰলৈকেহে সম্প্ৰতি পৰ্যটক যাব পৰা হৈছে ৷

**********