কেনেকৈ জীৱন নিৰ্বাহ কৰিছে মুখ্যমন্ত্ৰীৰ জন্মস্থানৰ ৰাইজে

কেনেকৈ জীৱন নিৰ্বাহ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জন্মস্থান চাবুৱাৰ দধিয়া-লাইকাবাসী ৰাইজ। মুখ্যমন্ত্ৰী ভৰিত ধৰিও পাৰ নাপালে দধিয়া ৰাইজে। অসমৰ ভৌগোলিক মানচিত্ৰ পৰা হেৰাই যাৱ ধৰিছে ৰাজহ গাঁও দধিয়া-লাইকা। ৩ মাহ দিন পানীৰ মাজত আৱদ্ধ হৈ আছে দধিয়াৰ ৰাইজ। বহুতো পশুধন ইতিমধ্যে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈছে। জীয়াই আছে মাত্ৰ মানুহ। বিনদ্ৰ ৰজনী কটাইছে দধিয়াৰ ৰাইজে।