ৱেব পৰ্টেল কাজিৰঙা লাইভৰ চতুর্থ বৰ্ষপূৰ্তি : চাৰি গৰাকী ব্যক্তিক বিশেষ সম্বৰ্ধনা :

ৱেব পৰ্টেল কাজিৰঙা লাইভৰ চতুর্থ বৰ্ষপূৰ্তি : চাৰি গৰাকী ব্যক্তিক বিশেষ  সম্বৰ্ধনা  :
Aiidesh photo

Aiidesh News  :  29 October  : 

কাজিৰঙাৰ অন্যতম ৱেব পৰ্টেল "কাজিৰঙা লাইভ ২৪/৭" ৰ চতুর্থ বৰ্ষপূৰ্তি বৃহস্পতি বাৰৰ দিনা কাজিৰঙাৰ কহঁৰাত থকা পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । এই উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সঞ্চালক কৰ্মশ্ৰী  পি, শিবকুমাৰে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিচতেই কাজিৰঙা লাইভৰ মূখ্য সম্পাদক ভবানন্দ কলিতাৰ পৌৰহিত্যত এক সভা অনুষ্ঠিত হয় ৷ সভাত কাৰ্যবাহী সম্পাদক পলিমা চেতিয়া  বসুমতাৰীয়ে উদেশ্য ব্যাখ্যা কৰে ৷ 

সভাত কাজিৰঙা  ৰাষ্ট্ৰীয় উদ্যান সঞ্চালক পি, শিবকুমাৰ, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈ, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰাৰ লগতে অৱসৰপ্ৰাপ্ত বন বিষয়া  চিন্ময় ধৰ, সমাজকৰ্মী ফটিক বৰা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নিলু আচাৰ্য, বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, কাজিৰঙাৰ জেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মা, অধিবক্তা কিশোৰ চেত্ৰী, ছাত্র নেতা গীতাৰ্থ  শইকীয়া আদিয়েও অংশ গ্ৰহন কৰে ৷

এই অনুষ্ঠানতে সাহিত্যৰ ক্ষেত্রত বৰঙনি আগবঢ়োৱা বেকাখাতৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী নিজৰা বৰঠাকুৰ, সাংবাদিকতাৰ বাবে প্ৰিয়মদ্বীপ কাকতি, কৃষক ললিত দত্ত আৰু চিত্ৰশিল্পী  লিপি পাঠকক মানপত্র, চেলেং, গামোচা, স্মাৰক আদিৰে  কাজিৰঙা লাইভৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱাৰ হয় ৷ লিপি পাঠকলৈ আৰ্থিক সাহাৰ্যও আগবঢ়োৱা হয় ৷ 
অনুষ্ঠানত কাজিৰঙা লাইভৰ দ্বাৰা সম্প্ৰসাৰিত বাতৰিৰ কিয়দাংশ দৃশ্য শ্ৰাব্য মাধ্যমৰে প্ৰদৰ্শন কৰা হয় । দিব্যজোতি শইকীয়াই আঁত ধৰা অনুষ্ঠানত কাজিৰঙা লাইভ পৰিয়ালৰহৈ বিতোপন বৰা, ধ্ৰুৱজ্যোতি সাহা, কিষাণ চেত্ৰী, বিতোপন মাঝিয়ে উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ 

********