মনিপুৰত স্থায়ী শান্তিৰ বাবে এন বীৰেণ সিংৰ চৰকাৰ ভংগৰ দাবীত বোকাখততো এ জে ৱাই চিপি ৰ অৱস্থান ধৰ্মঘট :
                            
মনিপুৰত স্থায়ী শান্তিৰ বাবে এন বীৰেণ সিংৰ চৰকাৰ ভংগৰ দাবীত বোকাখততো এ জে ৱাই চিপি ৰ অৱস্থান ধৰ্মঘট :
Aiidesh News : 22 June 2023 :
আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান ক্ৰমে ৰাজ্যৰ প্ৰতিখন জিলা সমিতিয়ে জিলা উপায়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মূখত বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰি মনিপুৰৰ শেষতীয়া পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰাৰ লগতে স্মাৰক পত্ৰও প্ৰদান কৰে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিয়েও আজি বোকাখাত অৱস্থান ধৰ্মঘট ৰূপায়ন কৰাৰ লগতে চুবুৰীয়া মণিপুৰত হৈ থকা নৰমেধ যজ্ঞ আৰু চৰকাৰৰ ব্যৰ্থতাত চৰম উদ্বেগ প্ৰকাশ কৰি মণিপুৰত স্থায়ী শান্তি ঘূৰাই অনাৰ স্বাৰ্থত মণিপুৰৰ এন বীৰেন সিঙৰ চৰকাৰ ভংগ কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰি স্মাৰক পত্ৰ প্ৰদান কৰে ৷ বোকাখাতৰ প্ৰতিবাদী কাৰ্যসুচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বিপুল বৰাৰ উপৰিও জিলা গোটৰ বিষয় ববীয়াও উপস্থিত থাকে ৷
**************
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
