যোৰহাটৰ এন আৰ এল তেল দীপুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি ঘটনা।

গুলি চালনা কৰি  ধন লুট কৰি নিলে  ডকাইতে। শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬:৪৫ মান বজাত যোৰহাটৰ NRL দীপুত সংঘটিত হয় এক ডকাইতি ঘটনা ।

ডকাইতে মটৰচাইকেলত তেল ভৰাই পইচা খোজাৰ সময়তে দুজনীয়া  ডকাইটৰ দলটোৱে পিষ্টলেৰে শূন্যলৈ  গুলী ফুটাই  লুটি লৈ যায় প্ৰায় ১৩ হাজাৰ দুশ টকা। 
এখন ৰঙা ৰঙৰ পালচাৰত আহিছিল ডকাইটৰ  দুজনীয়া দলটো ।
ইতিমধ্যে ঘটনাস্থলীত  যোৰহাট আৰক্ষী উপস্থিত হৈ  তদন্ত অব্যাহত ৰাখিছে ।  

যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট ।