কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী অপৰাধ আৰু চোৰাংচিকাৰ ৰোধত নিয়োজিত স্নীফাৰ কুকুৰ আৰু পৰিচালকৰ বিশেষ কৰ্মশালা :
Aiidesh News : 31 October - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চোৰাংচিকাৰ প্ৰতিহত কৰা আৰু চোৰাংচিকাৰী কৰায়ত্ব কৰাৰ কামত শেষতীয়াকৈ স্নীফাৰ কুকুৰৰ ব্যহাৰ কৰা হৈছে ৷ বিশেষভাৱে প্ৰশিক্ষিত এই স্নীফাৰ কুকুৰ বোৰক বিভাগীয়ভাৱে কে-২৯ বুলি জনা যায় ৷ যোৱা ২৪ অক্টোবৰ ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত এই কে-৯ নামৰ প্ৰশিক্ষিত স্নীফাৰ কুকুৰ আৰু পৰিচালক সকলৰ এক বিশেষ কৰ্মশালাৰ আয়োজন কৰা হয় ৷ সপ্তাহজোৰা এই কৰ্মশালাৰ আজি সামৰণী পৰে ৷ ৰাষ্ট্ৰীয় উদ্যান খনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ ৰাইন’লেণ্ড পাৰ্কত অনুষ্ঠিত হোৱা এই কৰ্মশালাত বন্যপ্ৰাণী অপৰাধৰ তদন্ত শক্তিশালী আৰু অধিক বিজ্ঞানসন্মত কৰাৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাংচিকাৰ  প্ৰতিহত কৰা কামত নিয়োজিত স্নীফাৰ কুকুৰ বোৰৰ পৰিচালক সকলৰ  দক্ষতা বৃদ্ধিৰ বাবেও প্ৰচেষ্টা হাতত লোৱা হয় ।
সপ্তাহজোৰা এই কাৰ্যসূচীত অসমৰ বন বিভাগ আৰু অসম বন সুৰক্ষা বাহিনীৰ মুঠ পাঁচজন স্নীফাৰ কুকুৰ  পৰিচালকৰ লগতে তিনিটা প্ৰশিক্ষণপ্ৰাপ্ত স্নীফাৰ কুকুৰে অংশগ্ৰহণ কৰে । এই কৰ্মশালাত স্নীফাৰ কুকুৰৰ পৰিচালক আৰু  স্নীফাৰ কুকুৰ বোৰক উচ্চ প্ৰশিক্ষণ দিয়াৰ উপৰিও পৰিচালক সকলৰ আত্মবিশ্বাস, জ্ঞান আৰু ক্ষেত্ৰ ভিত্তিক প্ৰস্তুতি আৰু ফৰেনচিক জ্ঞানৰো প্ৰশিক্ষণ প্ৰদান কৰা হয় । প্ৰশিক্ষণ কালত স্নীফাৰ কুকুৰক গোন্ধ চিনাক্তকৰণ কৰোৱা, বুনিয়াদী ক্ষেত্ৰ অধ্যয়ন,, বন্যপ্ৰাণী বিষয়ক ফৰেনচি জ্ঞান, স্নীফাৰ কুকুৰৰ প্ৰাথমিক চিকিৎসা, অপৰাধ সংঘৰ্টিত দৃশ্যপটৰ ৰচনা কৰ আৰু, ম’ক পেট্ৰ'লিং আদিৰ আলোচনা আৰু অনুশীলন কৰা হয় ৷ এই অনুশীলনবোৰে পৰিচালক আৰু কুকুৰবোৰক প্ৰকৃত অনুসন্ধান আৰু ক্ষেত্ৰ অভিযানৰ সময়ত এটা দল হিচাপে কাম কৰাৰো প্ৰশিক্ষণ প্ৰদান কৰে । এই কৰ্মশালাই কাজিৰঙাত চোৰাংচিকাৰী কৰায়ত্ব কৰা আৰু চিনাক্ত কৰাত কৰিব বুলি আশাবাদী কাজিৰঙাৰ কৰ্তৃপক্ষ ৷ সংৰক্ষণ মনোবিজ্ঞানী আৰু স্নীফাৰ ডগৰ প্ৰশিক্ষক কাৰ্তিক থেভাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা চেণ্ট লাইব্ৰেৰী ফৰ কনজাৰ্ভেচনৰ সহযোগিতাত এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল ।
**********
 
                        


 Aiidesh News
                                    Aiidesh News                                 
                     
                     
                     
                     
                 
                 
                 
                 
                 
                 
                

 
         
         
         
         
         
        
 
         
         
 
 
         
         
         
         
         
         
         
 
         
         
         
 
 
         
         
         
         
								 
								 
 
								 
								 
 
								 
								 
								 
								
